ষট পূজাৰ ঘাট ভাঙি লণ্ডভণ্ড! উদীয়মান সূৰ্যক অৰ্ঘ্য দিয়াৰ পূৰ্বেই ঘাটত ধৰ্মীয় উত্তেজনা, দুজনক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য
বিশ্বাসৰ উৎসৱত হঠাৎ অশান্তিৰ জুই। ভক্তসকলে উদীয়মান সূৰ্যক অৰ্ঘ্য আগবঢ়াবলৈ সাজু হৈছিল। ঘাটত চলিছিল পূজাৰ অন্তিম প্ৰস্তুতি। কিন্তু তাৰ পূৰ্বেই কোনো অচিনাক্ত লোকৰ দলে ভাঙি লণ্ডভণ্ড কৰিলে ষট পূজাৰ বাবে প্ৰস্তুত কৰা ঘাট।
এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। এই ঘটনাত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে।
প্ৰকাশিত তথ্য অনুসৰি, নেপালৰ কোশী প্ৰদেশৰ সুনছাৰী জিলাৰ হৰি নগৰ গাঁও-৬ৰ ঘুস্কি অঞ্চলত সংঘটিত হয় এই ঘটনা। নদীৰ পাৰত ষট পূজাৰ বাবে প্ৰস্তুত কৰা ঘাটটো এটা অচিনাক্ত গোটে ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকৰ মতে, পূজাৰ অৰ্ঘ্য আগবঢ়োৱাৰ পূৰ্বেই এই ঘটনা সংঘটিত হয়। ফলত অঞ্চলটোত ক্ষোভ আৰু উত্তেজনাই দেখা দিয়ে।
ঘটনাৰ পিছতে একাংশ স্থানীয় লোকে মুছলমান সম্প্ৰদায়ৰ কেইজনমান সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। অৱশ্যে, এই অভিযোগৰ সত্যতা তদন্তৰ জৰিয়তে নিশ্চিত হোৱাটো প্ৰয়োজন। হিন্দু সমাজৰ একাংশ নেতাই ঘটনাটোক ধৰ্মীয় অনুভূতিত আঘাত বুলি অভিহিত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
ইফালে, পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বেই আৰক্ষীয়ে অভিযান চলাই দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে। সম্ভাৱ্য সংঘাত ৰোধ কৰিবলৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়। প্ৰশাসনৰ উদ্যোগত ক্ষতিগ্ৰস্ত ঘাটটো মেৰামতি কৰি পুনৰ পূজাৰ উপযোগী কৰি তোলা হয়।
উল্লেখযোগ্য যে ষট পূজা কেৱল ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশতে সীমাৱদ্ধ নহয়। নেপালৰ তৰাই-মধেশ অঞ্চলতো এই উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়। সূৰ্য দেৱতা আৰু ষঠী মাইৰ প্ৰতি ভক্তি নিবেদন কৰি ভক্তসকলে অস্তগামী আৰু উদীয়মান সূৰ্যক অৰ্ঘ্য আগবঢ়ায়।কিন্তু পৱিত্ৰ উৎসৱৰ মাজত এনে ঘটনাই ধৰ্মীয় সম্প্ৰীতি আৰু সামাজিক শান্তিক লৈ পুনৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।
