Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?

দিল্লীৰ আকাশত পৰিছে ধোঁৱাৰ ডাঠ তৰপ। উশাহ লোৱা বায়ু হৈ পৰিছে বিষৰ দৰে। বাহিৰলৈ ওলালেই হয় চকু জ্বলা-পোৰা, কাহ আৰু উশাহ লোৱাত কষ্ট। কিন্তু আপুনি জানেনে, এই বিষাক্ত বায়ুৱে মানুহৰ শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? আৰু কাৰ বাবে এই প্ৰদূষণ আটাইতকৈ বিপদজনক?

প্ৰথম আক্ৰমণ হাওঁফাওঁত

দিল্লীৰ প্ৰদূষিত বায়ুত থকা PM2.5 আৰু PM10 নামৰ অতি ক্ষুদ্ৰ কণিকাবোৰেই হৈছে মূল চিন্তাৰ কাৰণ। PM10 কণিকাই নাক, ডিঙি আৰু চকুত বিৰক্তিৰ সৃষ্টি কৰে। আনহাতে, PM2.5 ইমানেই সৰু যে উশাহৰ সৈতে হাওঁফাওঁৰ গভীৰ অংশলৈ প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত কাহ, হাঁপানী, শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু হাওঁফাওঁৰ ৰোগ হ’ব পাৰে।

হাওঁফাওঁৰ পিছত বিপদ হৃদযন্ত্ৰত

বিষাক্ত বায়ুৰ প্ৰভাৱ কেৱল হাওঁফাওঁতে সীমাৱদ্ধ নহয়। PM2.5ৰ সংস্পৰ্শই শৰীৰত প্ৰদাহ বৃদ্ধি কৰি ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে। ফলত উচ্চ ৰক্তচাপ, অনিয়মিত হৃদস্পন্দন আৰু হাৰ্ট এটেকৰ আশংকাও বৃদ্ধি পায়।

কাৰ বাবে অধিক বিপদজনক?

শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু হাঁপানী, হৃদৰোগ বা হাওঁফাওঁৰ ৰোগত আক্ৰান্ত লোকসকল অধিক বিপদৰ সন্মুখীন হয়। প্ৰদূষণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পেলাব পাৰে।

কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব?

প্ৰদূষণৰ মাত্ৰা বেছি থাকিলে পৰাক্ষত ঘৰৰ বাহিৰলৈ যোৱা কমাব লাগিব। প্ৰয়োজনত ভালদৰে ফিট হোৱা N95 মাস্ক ব্যৱহাৰ কৰিব লাগে। ঘৰৰ খিৰিকী-দুৱাৰ বন্ধ ৰখাৰ লগতে আৰু ঘৰৰ বাহিৰত ব্যায়াম কৰাৰ পৰা বিৰত থাকিব লাগে। মনত ৰাখিব, বিষাক্ত বায়ু কেৱল উশাহৰ সমস্যা নহয়, ই হৃদযন্ত্ৰৰ বাবেও এক নীৰৱ ভাবুকি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.