আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…
আমেৰিকাৰ আকাশত হঠাৎ স্তব্ধ হৈ পৰিছিল বিমানৰ গতি। কাৰিকৰী বিজুতিৰ বাবে দেশজুৰি বন্ধ হৈ পৰিছিল বিমানৰ উৰণ। বিমানবন্দৰসমূহত সৃষ্টি হৈছিল হাহাকাৰময় পৰিস্থিতিৰ। ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছিল হাজাৰ হাজাৰ যাত্ৰীক। অৱশেষত চাৰি ঘণ্টাৰো অধিক সময়ৰ পাছত স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে বিমান সেৱা।
১৩ নৱেম্বৰত ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচন (FAA)-এ দেশজুৰি জাৰি কৰা গ্ৰাউণ্ড ষ্টপ প্ৰত্যাহাৰ কৰে। ইয়াৰ লগে লগে পুনৰ আৰম্ভ হয় বিমানৰ উৰণ। কিন্তু বিপদ এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। কৰ্তৃপক্ষই সকীয়াই দিছে যে বিমানৰ পলম আৰু বাতিলৰ সমস্যা অব্যাহত থাকিব পাৰে।
ফ্লাইট ট্ৰেকিং ৱেবছাইট FlightAware-ৰ তথ্য অনুসৰি, শুকুৰবাৰে প্ৰায় ১৫ হাজাৰ বিমানৰ যাত্ৰা পলম অথবা বাতিল হয়। ১৩ নৱেম্বৰৰ বাবেও ৭০০ৰো অধিক বিমান বাতিলৰ তথ্য পোৱা গৈছে।
নিউয়ৰ্কৰ জন এফ কেনেডী বিমানবন্দৰত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। বেগেজ ক্লেইম এলেকাত ভিৰ, যাত্ৰীৰ মাজত অনিশ্চয়তা আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। আনকি এখন বিমানৰ যাত্ৰীয়ে জনোৱা মতে, তেওঁলোকৰ বিমানখন ডেৰ ঘণ্টাৰো অধিক সময় ৰাণৱেত আৱদ্ধ হৈ আছিল।
ইফালে, আমেৰিকাৰ পৰিবহণ বিভাগৰ সচিব শ্বেন ডাফীয়ে FAA-ৰ পুৰণি প্ৰযুক্তিগত ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে, কেৱল সামান্য মেৰামতি নহয়, সমগ্ৰ প্ৰযুক্তি ব্যৱস্থাৰ আধুনিকীকৰণৰ প্ৰয়োজন।
