Friday, 13 November 2026
Latest
মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই
Top News

এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…

হাজাৰ বছৰ পুৰণি এখন কিতাপ। পৃষ্ঠাবোৰ মেলি বিজ্ঞানীয়ে বিচাৰি পালে ভয়ংকৰ ভাইৰাছৰ DNA। কিন্তু কিতাপখনৰ ভিতৰত ভাইৰাছ আহিল ক’ৰ পৰা? এই ৰহস্যৰ আঁৰত লুকাই আছে এহেজাৰ বছৰ পুৰণি এক ইতিহাস।কিতাপ কেৱল জ্ঞানৰ ভঁৰাল নহয়, কেতিয়াবা অতীতৰ ভয়ংকৰ ৰোগৰ ইতিহাসো লুকাই থাকিব পাৰে।

শেহতীয়াকৈ বিজ্ঞানীসকলে প্ৰায় ১০০০ বছৰ পুৰণি কিতাপৰ পৃষ্ঠাত উদ্ধাৰ কৰিছে এটা প্ৰাচীন ভাইৰাছৰ DNA। এই আৱিষ্কাৰে এতিয়া বিজ্ঞানীসকলৰ মাজত সৃষ্টি কৰিছে ব্যাপক কৌতূহল।অৰ্থাৎ সেই সময়ৰ কিতাপেই এতিয়া অতীতৰ ৰোগৰ ইতিহাস জানিবলৈ বিজ্ঞানীসকলৰ বাবে নতুন দুৱাৰ মুকলি কৰিছে। এই গৱেষণাই প্ৰমাণ কৰিছে যে ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতে লুকাই থাকিব পাৰে বিজ্ঞানৰ নতুন ৰহস্য।

আয়াৰলেণ্ডৰ ইউনিভাৰ্চিটি কলেজ ডাবলিনৰ গৱেষকসকলে মধ্যযুগীয় কেইবাখনো পাণ্ডুলিপি পৰীক্ষা কৰি এই ভাইৰাছৰ জিনীয় চিহ্ন বিচাৰি পাইছে। ইয়াৰ ভিতৰত আছে প্ৰায় ১০০০ বছৰ পুৰণি বিখ্যাত ‘York Gospels’।

আটাইতকৈ আচৰিত কথাটো হ’ল, উদ্ধাৰ হোৱা DNA হৈছে ভেড়াৰ দেহত সংক্ৰমণ ঘটোৱা এক ভাইৰাছৰ। এই ভাইৰাছৰ ইতিহাস প্ৰায় ৩৭০০ বছৰতকৈও পুৰণি বুলি গৱেষণাত প্ৰকাশ পাইছে।আজিৰ দৰে কাগজ ব্যৱহাৰ কৰা হোৱা নাছিল। বহু পুৰণি কিতাপ ভেড়া বা ছাগলীৰ ছাল পৰিষ্কাৰ কৰি, শুকুৱাই প্ৰস্তুত কৰা পাতত লিখা হৈছিল।

গৱেষকসকলৰ মতে, সেই সময়ত কিতাপ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা জন্তুৰ ছালৰ পৰা প্ৰাচীন ভাইৰাছৰ জিনীয় চিহ্ন পৃষ্ঠাত ৰৈ গৈছিল। যদি সেই জন্তুৰ শৰীৰত কোনো ভাইৰাছৰ সংক্ৰমণ আছিল, তেন্তে তাৰ জিনীয় অৱশিষ্ট ছালত থাকি যাব পাৰিছিল। সেই ছালৰ পৰাই প্ৰস্তুত হৈছিল কিতাপৰ পৃষ্ঠা।

প্ৰায় ১০০০ বছৰ পুৰণি ‘York Gospels’ নামৰ পাণ্ডুলিপিকে ধৰি পুৰণি কিতাপৰ নমুনা পৰীক্ষা কৰি প্ৰাচীন ভাইৰাছৰ DNA-ৰ চিহ্ন বিচাৰি পোৱা বুলি গৱেষণাত প্ৰকাশ পাইছে।

এই বাতৰিৰ অৰ্থ এয়া নহয় যে কিতাপখনত এতিয়াও জীৱিত ভাইৰাছ আছে বা মানুহৰ মাজত সংক্ৰমণ বিয়পিব। বিজ্ঞানীসকলে কেৱল ভাইৰাছৰ পুৰণি জিনীয় অৱশিষ্টহে চিনাক্ত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *