Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

মহাঅম্বুবাচীত কি কি নিয়ম মানি চলিব, জানক সবিশেষ…

মহা অম্বুবাচী নীলাচলৰ বুকুত এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা  কামাখ্যা ধামত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অম্বুবাচী মহোৎসৱ।২২ জুনৰ বিয়লি ২.৫৬ বজাৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি ঘটিছে আৰু অম্বুবাচী প্ৰবৃত্তিৰ পৰা ২৬ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷ ২৬ জুনৰ পুৱনি নিশা ৩.১৯ বজাত অম্বুবাচীৰ নিবৃত্তি হব।

অসমৰ গুৱাহাটীৰ উপৰি উত্তৰ প্ৰদেশৰ ফিৰোজাবাদতো এই উৎসৱ পালন কৰা হয়।

ফিৰোজাবাদ জিলাৰ যছৰানা তহচিল সদৰত অৱস্থিত মা কামাখ্যাৰ মন্দিৰত অম্বুবাচী মহোৎসৱ পালন কৰা হয়। অম্বুবাচী মহোৎসৱৰ সময়ত মা কামাখ্যা মন্দিৰৰ সকলো দুৱাৰ তিনিদিন বন্ধ থাকে, কাৰণ বিশ্বাস অনুসৰি এই ৩ দিন মা ৰজস্বলা অৱস্থাত থাকে।

অম্বু মানে পানী আৰু বাচী মানে বিয়পি পৰা। এইকেইটা দিনত বহুখিনি কৰিবলগীয়া আৰু নকৰিবলগীয়া কাম থাকে। জানো আহক ইয়াৰ সবিশেষ।

কৰিবলগীয়া-

  • সাত্ত্বিক আহাৰ গ্ৰহণ কৰিব লাগে।
  • দীন-দুখীয়াক সহায় কৰিব লাগে।
  • সাধু-সন্যাসীক দান কৰিব লাগে।
  • ফল-মূল, গাখীৰ আদি আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে।

নকৰিবলগীয়া-

  • আমিষ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে।
  • কোনোধৰণৰ মাংগলিক কাৰ্য কৰিব লাগে।
  • গোসাঁই ঘৰত ধূপ-চাকি, ধূণা আদি দিয়াৰ পৰা বিৰত থাকিব লাগে।
  • নখ-চুলি-দাড়ি কটা, মাটি খন্দা, কোৰ মৰা, হাল বোৱা আদি কামৰ পৰা বিৰত থাকিব লাগে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *