No Result
View All Result
আপোনাৰ ঘৰৰ কেমেৰা, কাৰ্যালয়ৰ কম্পিউটাৰ অথবা বিমানবন্দৰৰ নেটৱৰ্ক- এই সকলোবোৰেই যদি হেকাৰৰ লক্ষ্য হৈ পৰে, তেন্তে কি হ’ব? কল্পনা কৰক, হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত বহি থকা কোনোবাই আপোনাৰ অজ্ঞাতে আপোনাৰ ডিজিটেল জগতখনত প্ৰৱেশ কৰিছে। এই আশংকাই এতিয়া নতুনকৈ উদ্বিগ্ন কৰি তুলিছে আমেৰিকাৰ নিৰাপত্তা সংস্থাসমূহক।
চীনৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপিত হোৱা এটা হেকিং গোটৰ বিৰুদ্ধে এইবাৰ বৃহৎ অভিযান চলাইছে আমেৰিকাৰ ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেশ্যন- FBIয়ে। অভিযানত জব্দ কৰা হৈছে Microscan আৰু FishHub নামৰ দুটা চাইবাৰ সঁজুলি। কিন্তু এই সঁজুলিৰ আঁৰত লুকাই আছিল কি ভয়ংকৰ পৰিকল্পনা?
আমেৰিকাৰ বিষয়াসকলৰ মতে, ফ্লেক্স টাইফুন নামৰ হেকিং গোটটোৱে এই সঁজুলিসমূহ ব্যৱহাৰ কৰি বিভিন্ন দেশৰ গুৰুত্বপূৰ্ণ কম্পিউটাৰ নেটৱৰ্কক লক্ষ্য কৰি লৈছিল। বিদ্যুৎ যোগান ব্যৱস্থা, বিমানবন্দৰ, বিশ্ববিদ্যালয় আৰু অত্যাৱশ্যকীয় সেৱাৰ নেটৱৰ্কো ইয়াৰ লক্ষ্যৰ তালিকাত আছিল বুলি অভিযোগ কৰা হৈছে।
মাইক্ৰ’স্কেনৰ সহায়ত নেটৱৰ্কৰ দুৰ্বলতা বিচাৰি উলিওৱা হৈছিল। আনহাতে, ফিচহাবৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি নেটৱৰ্কত প্ৰৱেশৰ পথ মুকলি কৰাৰ অভিযোগ উঠিছে। অৰ্থাৎ, বিপদ কেৱল কম্পিউটাৰৰ ভিতৰতে সীমাবদ্ধ নাছিল—মানুহৰ অসাৱধানতাও হ’ব পাৰিছিল হেকাৰৰ অস্ত্ৰ!
FBIৰ মতে, চীনৰ চাইবাৰ ছিকিউৰিটি কোম্পানী ইন্টিগ্ৰিটি টেকন’লজি গ্ৰুপৰ সৈতে এই অভিযানৰ সম্পৰ্ক আছে। ইয়াৰ পূৰ্বেও ২০২৪ চনত ২ লাখতকৈ অধিক ইণ্টাৰনেট-সংযুক্ত যন্ত্ৰ জড়িত থকা এটা বৃহৎ হেকিং নেটৱৰ্ক নিষ্ক্ৰিয় কৰাৰ কথা ঘোষণা কৰিছিল সংস্থাটোৱে।
এতিয়া দুটা সঁজুলি অকাৰ্যকৰী কৰা হৈছে যদিও প্ৰশ্ন এটাই সকলোকে চিন্তিত কৰিছে- হেকাৰৰ ডিজিটেল জাল সঁচাকৈয়ে ছিন্ন হৈছে, নে আন কোনো ৰূপত পুনৰ উভতি অহাৰ অপেক্ষাত আছে?
No Result
View All Result