ভেনিজুৱেলাৰ সৈতে কৰা তেলৰ চুক্তিৰ পিছতেই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰে ডাঙৰ মন্তব্য। তেল-গেছৰ মূল্য দ্ৰুতভাৱে হ্ৰাস কৰিব বুলি ঘোষণা কৰে। অৱশ্যে ইয়াৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ’ব, সেই সম্পৰ্কেও কোনো নিশ্চয়তা নাই বুলিও কয় ট্ৰাম্পে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে স্বীকাৰ কৰে যে- ভেনিজুৱেলাৰ সৈতে কৰা নতুন তেল চুক্তিয়ে গেছৰ মূল্যত প্ৰভাৱ পেলাবলৈ “কিছু সময়” লাগিব পাৰে। তেওঁ পূৰ্বে কৈছিল যে- এই চুক্তিৰ ফলত আমেৰিকানসকলৰ বাবে গেছৰ মূল্য হ্ৰাস পাব। ইৰাণ যুদ্ধৰ বাবে তেলৰ মূল্য বৃদ্ধি পোৱাৰ সময়ত এই কথা প্ৰকাশ পাইছে।
ভেনিজুৱেলাৰ চৰকাৰে এক বিবৃতিত কয় যে- এই ঐতিহাসিক চুক্তিত ১৭টা তৈলক্ষেত্ৰৰ উন্নয়ন জড়িত হৈ আছে, য’ত ৬৫ বিলিয়ন বেৰেল তেলৰ প্ৰমাণিত সম্ভাৱনা আছে। এই চুক্তিৰ জৰিয়তে ভেনিজুৱেলাৰ তেল উদ্যোগত প্ৰায় ১০০ বিলিয়ন ডলাৰৰ যথেষ্ট বিনিয়োগ হ’ব বুলি আশা কৰা হৈছে।
পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ বাবে দেশত অপৰিসীম হেঁচা থকা সময়তে ট্ৰাম্পৰ এই চুক্তি। ইৰাণৰ সৈতে চলি থকা যুদ্ধই হৰমুজ জলদ্বীপৰ মাজেৰে তেল যোগানত গুৰুতৰ প্ৰভাৱ পেলাইছে, যাৰ মাজেৰে যুদ্ধৰ পূৰ্বে বিশ্বৰ প্ৰায় ২০ শতাংশ পেট্ৰলিয়াম পাৰ হৈছিল।








