No Result
View All Result
এটা সামৰিক আক্ৰমণেই সলনি কৰি দিলে নেকি মধ্যপ্ৰাচ্যৰ ভৱিষ্যৎ? ইৰাণৰ পাৰমাণৱিক শক্তি ধ্বংস কৰি ইজৰাইলক ৰক্ষা কৰাৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কিন্তু সঁচাকৈয়ে ইৰাণৰ পাৰমাণৱিক বোমা নিৰ্মাণৰ প্ৰচেষ্টা বন্ধ কৰিবলৈ সক্ষম হ’লনে আমেৰিকা? নে এয়া কেৱল ট্ৰাম্পৰ আন এক ৰাজনৈতিক দাবী?
নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে, তেওঁ যদি ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা নিদিলেহেঁতেন, তেন্তে আজি ইজৰাইলৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যৰ অস্তিত্ব বিপন্ন হ’লহেঁতেন। তেওঁৰ মতে, আমেৰিকাৰ সামৰিক অভিযানেই ইৰাণৰ পাৰমাণৱিক সামৰ্থ্য দুৰ্বল কৰি তুলিছে।
কিন্তু ট্ৰাম্পৰ এই দাবীৰ আঁৰত আছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমেৰিকাৰ কংগ্ৰেছৰ গৱেষণা সেৱাৰ প্ৰতিবেদন অনুসৰি, ইৰাণৰ পাৰমাণৱিক স্থাপনাত হোৱা আক্ৰমণৰ প্ৰকৃত প্ৰভাৱ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। আনহাতে, ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টা চলাই থকাৰ কোনো নিশ্চিত প্ৰমাণো প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই।
ইয়াৰ মাজতে উদ্বেগ বঢ়াইছে ইৰাণৰ ইউৰেনিয়ামৰ ভাণ্ডাৰে। এক প্ৰতিবেদন অনুসৰি, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ অনুমানত ইৰাণৰ ৬০ শতাংশ পৰ্যন্ত সমৃদ্ধ ২০০ কিলোগ্ৰামতকৈ অধিক ইউৰেনিয়াম থাকিব পাৰে। উল্লেখযোগ্য যে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে সাধাৰণতে প্ৰায় ৯০ শতাংশ সমৃদ্ধ ইউৰেনিয়ামৰ প্ৰয়োজন হয়।
অৱশ্যে ৬০ শতাংশ সমৃদ্ধ ইউৰেনিয়ামক অধিক সমৃদ্ধ কৰি অস্ত্ৰ নিৰ্মাণৰ উপযোগী পৰ্যায়লৈ নিয়া সম্ভৱ। আক্ৰমণৰ পিছত এই ইউৰেনিয়াম আৰু চেণ্ট্ৰিফিউজসমূহৰ সঠিক অৱস্থান নিৰ্ণয় কৰাতো আই এ ই এৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।
ইফালে, ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ বুলি দাবী কৰি আহিছে। ২০০৩ চনত দেশখনে পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী বন্ধ কৰিছিল বুলি আমেৰিকাৰ পূৰ্বৰ মূল্যায়নতো উল্লেখ আছে।এতিয়া পুনৰ ইৰাণক লৈ সামৰিক বিকল্পৰ কথা চিন্তা কৰিছে ৱাশ্বিংটনে। ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ সৈতে বৈঠকো অনুষ্ঠিত কৰিছে।
No Result
View All Result