বিশ্বজুৰি শক্তি কৰিডৰ নামেৰে পৰিচিত হৰমুজ জলদ্বীপত যেতিয়াই গেছ-তেলৰ পৰিবহণ স্বাভাৱিক হব বুলি আশাৰ সঞ্চাৰ হয়, তেতিয়াই এনেকুৱা কিবা এটা ঘটে যিয়ে সকলো আশাক ভেঙুচালি কৰি দিয়ে। আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি আলোচনাই যুদ্ধৰ অন্ত পৰাৰ আশা জগাইছিল যদিও দুয়োপক্ষৰ জেদী মনোভাৱৰ বাবে বৰ্তমান পশ্চিম এছিয়াত শান্তি অহাতো অসম্ভৱ যেন পৰিলক্ষিত হৈছে।
ইয়াৰ পূৰ্বে আমেৰিকাৰ নৌসেনাই ইৰাণৰ জাহাজক লক্ষ্য কৰি লোৱা বুলি দাবী উত্থাপন হৈছিল। এতিয়া ইৰানে আমেৰিকাৰ তিনিখন জাহাজক লক্ষ্য কৰি লোৱাৰ দাবী কৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছে। ইৰাণৰ আই আৰ জি চি (ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে)য়ে হৰমুজত মুঠ ৬ খন জাহাজ আৱদ্ধ কৰা বুলি দাবী কৰিছে।
আই আৰ জি চিয়ে ৱাশ্বিংটন আৰু অন্যান্য দেশসমূহক এক ভয়াৱহ পৰিণতিৰ বিষয়েও সকীয়াই দিছে। শেহতীয়াকৈ হৰমুজত সৃষ্টি হোৱা উত্তেজনাৰ পিছত এই পথৰ মাজেৰে এল পি জি আৰু তেলৰ মসৃণ প্ৰবাহৰ যিকোনো বাকী থকা আশাও ক্ষয়িষ্ণু হৈ পৰিছে।
আমেৰিকাৰ নৌসেনাই হৰমুজ জলদ্বীপত ইৰাণৰ তিনিখন বৃহৎ টেংকাৰক লক্ষ্য কৰি লোৱা বুলি দাবী কৰে। ইৰাণে এতিয়া তীব্ৰ প্রতিৰোধ কৰা বুলি দাবী কৰিছে৷ ইৰাণে বিশ্ব শক্তি যোগানৰ জুগুলাৰ শিৰা বুলি গণ্য কৰা হৰমুজ জলদ্বীপত মুঠ ছখন জাহাজ আক্ৰমণ কৰা বুলি দাবী কৰিছে। এই জাহাজসমূহ আমেৰিকাৰ মালিকানাধীন বুলি কোৱা হয়। হৰমুজত আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা আঘাতৰ আদান-প্ৰদানৰ ফলত পৰিস্থিতি পুনৰ ভয়াৱহ হৈ পৰিছে। দুয়োখন দেশে হৰমুজত আধিপত্য স্থাপনৰ চেষ্টা চলাইছে। ইয়াৰ ফলত এছিয়াৰ পৰা ইউৰোপলৈ গেছ আৰু তেল যোগানৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।
হৰমুজ জলদ্বীপত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ইৰাণে অঞ্চলটোৰ পৰা পাৰ হৈ যোৱা জাহাজসমূহৰ প্ৰতি মুকলি সতৰ্কবাণী জাৰি কৰিছে। খবৰ অনুসৰি ইৰানে জাহাজসমূহক আমেৰিকাৰ কোনো ধৰণৰ হেঁচা বা নিৰ্দেশনাৰ সন্মুখীন নহ’বলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও আমেৰিকাৰ সৈতে সহযোগিতা কৰা জাহাজসমূহে হৰমুজত ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব পাৰে বুলিও সকীয়াই দিছে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপ, যাৰ মাজেৰে বিশ্বৰ তেল যোগানৰ এক উল্লেখযোগ্য অংশ পাৰ হৈ যায়, ইয়াৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ আৰু শক্তি বজাৰৰ বাবে উল্লেখযোগ্য পৰিণতি হ’ব পাৰে। আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে অঞ্চলটোৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ হৈ আছে।
ইৰাণে স্পষ্টভাৱে সকীয়াই দিছে যে হৰমুজ জলদ্বীপত যিকোনো সন্দেহজনক কাৰ্যকলাপক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থাক লৈও আই আৰ জি চিয়ে প্ৰশ্ন উত্থাপন কৰি আমেৰিকাৰ নিৰাপত্তা কেৱল এটা নকল বুলি উল্লেখ কৰিছে। ইফালে অঞ্চলটোত ইৰাণী বাহিনীৰ চোৰাংচোৱাগিৰি আৰু টহল বৃদ্ধি পোৱাৰ খবৰ ওলাইছে।
ইৰাণৰ জাহাজত আমেৰিকাৰ আক্ৰমণৰ প্ৰতি তেহৰানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে হৰমুজ জলদ্বীপত ইৰাণৰ এই কাৰ্য সংঘটিত হৈছে। তেহৰানে এই আক্ৰমণক “যুদ্ধ অপৰাধ” বুলি অভিহিত কৰি বণিক জাহাজক লক্ষ্য কৰি লোৱাটো ৰাষ্ট্ৰসংঘৰ চনদৰ স্পষ্ট উলংঘা বুলি অভিযোগ উত্থাপন কৰিছে। তেহৰানেও আমেৰিকাক ভয়াৱহ পৰিণতিৰ বিষয়ে সকীয়াই দিছে। উত্তেজনা বৃদ্ধিয়ে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হৰমুজ জলদ্বীপৰ ওপৰত আৰু অধিক চাপ বৃদ্ধি কৰিছে।









