চীনৰ সৈতে প্ৰতিযোগিতাত নামি ভাৰতেও এতিয়া সূৰ্যৰ দৰে শক্তি উৎপাদনৰ প্ৰযুক্তি উন্নত কৰাৰ দিশত আগবাঢ়িছে। শুনিবলৈ কল্পবিজ্ঞানৰ কাহিনী যেন লাগিলেও, পৃথিৱীৰ বহু দেশৰ বিজ্ঞানীয়ে এতিয়া পৃথিৱীতে সূৰ্যৰ দৰে শক্তি উৎপাদন কৰাৰ চেষ্টা কৰি আছে। এই প্ৰযুক্তি সফল হ’লে ভৱিষ্যতে মানুহে প্ৰচুৰ বিদ্যুতৰ নতুন উৎস লাভ কৰিব পাৰে।
গুজৰাটৰ গান্ধীনগৰত থকা ইনষ্টিটিউট ফৰ প্লাজমা ৰিচাৰ্চত ভাৰতৰ SST-1 নামৰ ফিউজন মেচিন আছে। এই মেচিনত নতুন আৰু অধিক শক্তিশালী এটা জাইৰ’ট্ৰন সংযোজন কৰা হৈছে। এই জাইৰ’ট্ৰনে ৮২.৬ গিগাহাৰ্টজ কম্পাঙ্কত ৪০০ কিলোৱাট শক্তিৰ মাইক্ৰৱেভ উৎপাদন কৰিব পাৰে। এই ব্যৱস্থাৰ মূল কাম হৈছে অতি গৰম প্লাজমা সৃষ্টি আৰু নিয়ন্ত্ৰণ কৰাত বিজ্ঞানীসকলক সহায় কৰা। ফিউজন শক্তিৰ গৱেষণাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত চীনো যথেষ্ট আগবাঢ়িছে। চীনৰ EAST নামৰ ফিউজন মেচিনক ‘কৃত্ৰিম সূৰ্য’ বুলি কোৱা হয়। ২০২৫ চনৰ জানুৱাৰীত চীনে জনাইছিল যে EAST-এ ১০ কোটি ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাৰ প্লাজমা ১০০০ ছেকেণ্ডতকৈ অধিক সময় ধৰি ৰাখিবলৈ সক্ষম হৈছিল।
কিন্তু ফিউজন শক্তি আচলতে কি?
সহজ ভাষাত ক’বলৈ গ’লে, সূৰ্যৰ ভিতৰত হাইড্ৰজেনৰ দৰে পাতল পৰমাণু একেলগ হৈ নতুন পৰমাণু সৃষ্টি কৰে। এই প্ৰক্ৰিয়াৰ সময়ত বিপুল পৰিমাণৰ শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়াক নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয়। বিজ্ঞানীসকলে এই একে প্ৰক্ৰিয়া পৃথিৱীতে নিয়ন্ত্ৰিতভাৱে সৃষ্টি কৰিব বিচাৰিছে। ইয়াৰ বাবে ব্যৱহাৰ কৰা হয় টোকামাক নামৰ এক বিশেষ মেচিন।টোকামাকক সহজে ডোনাটৰ দৰে এটা ডাঙৰ যন্ত্ৰ বুলি ভাবিব পাৰি। ইয়াৰ ভিতৰত গেছক অত্যন্ত গৰম কৰি প্লাজমাত পৰিণত কৰা হয়। এই প্লাজমা ইমানেই গৰম হয় যে ইয়াক মেচিনৰ বেৰৰ পৰা আঁতৰত ৰাখিব লাগে। শক্তিশালী চুম্বকৰ সহায়ত প্লাজমাক নিয়ন্ত্ৰণ কৰি ৰখা হয়।
ভাৰতৰ SST-1-ৰ লক্ষ্যও একেই। ভাৰতীয় বিজ্ঞানীসকলে ইতিমধ্যে ২০ কোটি ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাৰ প্লাজমা সৃষ্টি কৰিছে। নতুন জাইৰ’ট্ৰনে প্লাজমা গৰম কৰাৰ ক্ষমতা আৰু বৃদ্ধি কৰিব। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতে এতিয়াই ফিউজনৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে। SST-1 এতিয়াও এটা পৰীক্ষামূলক মেচিন। নতুন জাইৰ’ট্ৰনটোও বিদ্যুৎ উৎপাদন নকৰে। ইয়াৰ কাম হৈছে প্লাজমা গৰম কৰাত সহায় কৰা।
ফিউজন শক্তিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে—অতি গৰম প্লাজমাক দীৰ্ঘ সময়লৈ স্থিৰ কৰি ৰখা আৰু তাৰ পৰা নিয়মীয়াকৈ শক্তি লাভ কৰা।যদি বিজ্ঞানীসকলে এদিন এই প্ৰযুক্তি সফলভাৱে ব্যৱহাৰ কৰিব পাৰে, তেন্তে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। কয়লা, তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীলতা কমোৱাৰ লগতে পৰিষ্কাৰ শক্তিৰ নতুন পথ মুকলি হ’ব পাৰে।
অৰ্থাৎ, ভাৰতৰ ‘কৃত্ৰিম সূৰ্য্য’ এতিয়াও পৰীক্ষাগাৰৰ পৰ্যায়ত আছে। কিন্তু এই গৱেষণা সফল হ’লে ভৱিষ্যতে ফিউজন শক্তিয়ে লাখ লাখ ঘৰৰ বিদ্যুতৰ প্ৰয়োজন পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।








