সাপে কামোৰা এগৰাকী চাৰি বছৰীয়া শিশুক জিলা চিকিৎসালয়লৈ অনাৰ পিছত এণ্টি-ভেনমৰ পৰিৱৰ্তে এণ্টি-ৰেবিজ বেজী দিয়াৰ অভিযোগ উত্থাপন হৈছে এখন চৰকাৰী চিকিৎসালয়ৰ বিৰুদ্ধে।এই অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালে। ভুল চিকিৎসাৰ অভিযোগৰ পিছতেই শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱায়।উত্তৰ প্ৰদেশৰ সম্ভলত চিকিৎসাৰ গাফিলতিৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই ঘটনাটো কৈলাদেৱী থানা এলেকাৰ মুছাপুৰ গাঁৱত সংঘটিত হয়। ২১ ছেপ্টেম্বৰত আবুল হাছানৰ ৪ বছৰীয়া পুত্ৰ আদীব ঘৰৰ চোতালত খেলি আছিল। সেই সময়তে শিশুটিৰ এটা মাৰ্বল বেৰৰ গাঁতত পৰে। মাৰ্বলটো উলিয়াবলৈ আদীবে গাঁতটোত হাত সোমোৱাৰ সময়তে ভিতৰত থকা এডাল সাপে আদীবৰ হাতত কামোৰে বুলি পৰিয়ালে জানিবলৈ দিয়ে।
ঘটনাৰ পিছতে পৰিয়ালৰ লোকে শিশুটিক ততাতৈয়াকৈ সম্ভল জিলা চিকিৎসালয়লৈ লৈ যায়। পৰিয়ালৰ অভিযোগ অনুসৰি, চিকিৎসালয়ত শিশুটিক চিকিৎসা কৰাৰ সময়ত চিকিৎসকে এণ্টি-ভেনম দিয়াৰ পৰিৱৰ্তে এণ্টি-ৰেবিজ বেজী দিয়ে। চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত শিশুটিক ঘৰলৈ লৈ যাবলৈ দিয়া হয়।
কিন্তু সন্ধিয়া ঔষধ খোৱাৰ পিছতে আদীবৰ বমি আৰম্ভ হয়। পৰিয়ালৰ মতে, কিছু সময়ৰ ভিতৰতে তেওঁৰ শৰীৰ ঠাণ্ডা হৈ পৰে আৰু অৱস্থাৰ অধিক অৱনতি ঘটে। পৰিস্থিতি দেখি পৰিয়ালে শিশুটিক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকে শিশুটিক সাপে কামোৰা বুলি নিশ্চিত কৰে আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।
আদীবৰ পিতৃয়ে অভিযোগ কৰে যে- চৰকাৰী চিকিৎসালয়ত পৰিয়ালে শিশুটিক সাপে কামোৰা বুলি বাৰে বাৰে জনাইছিল যদিও তেওঁলোকৰ কথা বিশ্বাস কৰা হোৱা নাছিল। পৰিয়ালৰ দাবী, চিকিৎসকে সাপে কামোৰাৰ পৰিৱৰ্তে কুকুৰে কামোৰা বুলি ধাৰণা কৰি এণ্টি-ৰেবিজ বেজী দি শিশুটিক ঘৰলৈ পঠিয়াই দিছিল। এই ঘটনাটোৱে চিকিৎসালয়খনৰ চিকিৎসা প্ৰক্ৰিয়া আৰু সঠিক সময়ত উপযুক্ত চিকিৎসা লাভৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে।









