Friday, 13 November 2026
Latest
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

চীনৰ অহংকাৰ দৰ্প-চূৰ্ণ কৰিবলৈ ট্ৰাম্পৰ শপতগ্ৰহণৰ পাছত ৩খন দেশৰ প্ৰতিনিধিৰ সৈতে ভাৰতৰ পৰিকল্পনা

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। যি সন্দৰ্ভত তেওঁ যথেষ্ট সক্ৰিয় হৈ আছে।

ইফালে, শপতগ্ৰহণৰ পিছত ২১ জানুৱাৰীত কোৱাড গ্ৰুপৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ’ব বুলি খবৰ ওলায়। এই বৈঠক ৱাশ্বিংটন ডি চিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত বহু পৰিকল্পনা আলোচনা হোৱাৰ সম্ভাৱনা আছে।

এইখন ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠক হ’ব। য’ত অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা অন্তৰ্ভুক্ত। এই দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলো আমেৰিকাত উপস্থিত হৈছে। একে সময়তে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰো আমেৰিকালৈ গৈছে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে- শপত গ্ৰহণ অনুষ্ঠানত ৪গৰাকী মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত থাকিব জাপানৰ বৈদেশিক মন্ত্ৰী তাকেছি ইৱায়া, অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱং আৰু ট্ৰাম্পৰ মন্ত্ৰীসভাত আমেৰিকাৰ নতুন বিদেশ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া মাৰ্কো ৰুবিঅ’। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সকলোকে সাক্ষাৎ কৰিব।

শপতগ্ৰহণৰ পিছত কোৱাড দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে এই বৈঠক হ’ব- ট্ৰাম্পৰ নতুন প্ৰশাসনৰ বৈদেশিক নীতিৰ অংশ। য’ত বৈদেশিক নীতি আৰু সম্পৰ্কত চলি থকা কামৰ ওপৰত আলোচনা হ’ব। এই বৈঠক হ’ব নতুন প্ৰশাসনৰ বিদেশী নেতাৰ সৈতে প্ৰথম গুৰুত্বপূৰ্ণ আদান-প্ৰদান।

আচলতে এইখন হ’ব ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিতিশীলতা আৰু যাত্ৰাৰ স্বাধীনতা বজাই ৰাখিবলৈ সৃষ্টি কৰা কৌশলগত নিৰাপত্তা গোট কোৱাড। চীনে প্ৰতিবাৰে এই কোৱাডৰ বিৰোধিতা কৰি আহিছে। চীনৰ নেতৃত্বত অনানুষ্ঠানিক, নাম প্ৰকাশ নকৰা মিত্ৰজোঁটৰ পৰা ই এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

দক্ষিণ চীন সাগৰৰ বিবাদ আৰু টাইৱানকে ধৰি বহু বিষয়ত চীনে আগ্ৰাসী স্থিতি অক্ষুণ্ণ ৰাখিছে। এই গোটত চীন, ৰাছিয়া, ইৰাণ আৰু উত্তৰ কোৰিয়া অন্তৰ্ভুক্ত।

যুদ্ধৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইন পশ্চিমৰ পৰা বিশেষকৈ আমেৰিকা আৰু ইউৰোপৰ বেছিভাগ দেশৰ পৰা বিচ্ছিন্নতাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ই অৰ্থনৈতিক দিশৰ লগতে নিৰ্বাচিত অস্ত্ৰ-শস্ত্ৰৰ যোগানৰ ক্ষেত্ৰতো চীনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।

ইৰাণ আৰু উত্তৰ কোৰিয়াও আমেৰিকাৰ গধুৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে আৰু চীনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে।

কোৱাড হৈছে চাৰিখন দেশৰ গোট, য’ত অষ্ট্ৰেলিয়া, ভাৰত, আমেৰিকা আৰু জাপান অন্তৰ্ভুক্ত। কোৱাড গ্ৰুপৰ লক্ষ্য হৈছে সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰা। প্ৰথমবাৰৰ বাবে ২০০৭ চনত আৰম্ভ হৈছিল যদিও ২০০৮ চনত অষ্ট্ৰেলিয়াই প্ৰত্যাহাৰ কৰাৰ পিছত ইয়াক বন্ধ কৰি দিয়া হৈছিল। ২০১৭ চনত পুনৰ মুকলি কৰা হৈছিল।

ইয়াৰ উপৰিও কোৱাড ছামিটে ভাৰতক অৰ্থনৈতিক আৰু সামৰিক সামৰ্থ্য বৃদ্ধি কৰাত সহায় কৰে যাতে ভাৰতে চীনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *