শেহতীয়াকৈ দিল্লী–শিলিগুৰি প্ৰস্তাৱিত হাইস্পীড ৰে’ল কৰিডৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰাৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ বিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ আন প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।
কেইবাখনো গুৰুত্বপূৰ্ণ চহৰক সংযোগ কৰিবলগীয়া এই কৰিডৰটোৰ সম্ভাৱ্য পথ হৈছে দিল্লী, আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা, শিলিগুৰি হৈ গুৱাহাটী। প্ৰায় ১,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে উত্তৰ-পূবলৈ যাতায়াতৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে।
কিন্তু এটা কথা মন কৰিবলগীয়া যে বুলেট ট্ৰেইনৰ যাত্ৰা আৰম্ভ হোৱাৰ নিৰ্দিষ্ট তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। বৰ্তমান এয়া প্ৰস্তাৱিত হাইস্পীড ৰে’ল কৰিডৰৰ পৰিকল্পনা। উত্তৰ-পূবৰ ৰে’লযাত্ৰাৰ ইতিহাসত এয়া হ’ব পাৰে এক নতুন অধ্যায়।