আমেৰিকাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ইৰাণৰ ছিৰিকত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানো শোকলৈ পৰিণত হয়। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, এই আক্ৰমণত কমেও ৫ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত এটি ৪ বছৰীয়া শিশুও আছে। এই আক্ৰমণত ৫০ জনতকৈও অধিক লোক আহত হোৱাৰ খবৰ আহিছে। হৰমুজ জলদ্বীপৰ সমীপৰ উপকূলীয় অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ইৰাণৰ বিষয়াসকলে ইয়াক যুদ্ধৰ সময়ত সাধাৰণ নাগৰিকৰ বাবে সংঘটিত হোৱা অন্যতম গুৰুতৰ ঘটনা বুলি অভিহিত কৰিছে।
ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই এই কাণ্ডৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- এনে কাৰ্যক পূৰ্বৰ কাণ্ডৰ পৰা পৃথক দেখা নাযায়। মুখপাত্ৰগৰাকীয়ে বিশেষকৈ মিনাবৰ এখন বিদ্যালয়ত হোৱা বিমান আক্ৰমণৰ কথা উল্লেখ কৰে, য’ত যুদ্ধৰ প্ৰথম দিনাই বিদ্যালয়খনত ১৬০ জন লোকৰ মৃত্যু হোৱা বুলি ইৰাণৰ বিষয়াসকলে কয়। মিনাব কাণ্ডৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক সিদ্ধান্ত প্ৰকাশ কৰা নাই আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে। অৱশ্যে সূত্ৰৰ উদ্ধৃতিৰে এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, এই আক্ৰমণ পুৰণি টাৰ্গেট ডাটা ব্যৱহাৰৰ ফলত হ’ব পাৰে।
আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰবাৰ সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ছিৰিকত বিবাহ অনুষ্ঠানত এই আক্ৰমণ সংঘটিত হৈছে। দুয়োখন দেশৰ মাজত কেইবা সপ্তাহৰ ভিতৰত সৰ্বাধিক সামৰিক সংঘৰ্ষ হৈছে। এনে পৰিস্থিতিত বিবাহ অনুষ্ঠানত অসামৰিক লোকৰ মৃত্যুৰ ফলত যুদ্ধৰ মানৱীয় প্ৰভাৱৰ চিন্তা আৰু অধিক বৃদ্ধি পাইছে।
ইৰাণৰ চাবাহাৰ আৰু কেছম দ্বীপকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্যত মঙলবাৰে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় আমেৰিকাৰ সেনাই। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৯:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ টাৰ্গেটকো লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ সেনাবাহিনীৰ মতে এই আক্ৰমণৰ ভিতৰত আছিল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, ৰাডাৰ স্থাপন, সামুদ্ৰিক সম্পদ, যোগাযোগৰ সুবিধা। ইয়াৰ উপৰিও খনি স্থাপনৰ ক্ষমতাৰ সৈতে জড়িত সুবিধাসমূহকো লক্ষ্য কৰি লোৱা হৈছিল।









