Friday, 13 November 2026
Latest
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…
Top News

ফ্ৰান্সত উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীক, AI শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে ১০ জানুৱাৰীত ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-সভাপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

পেৰিছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এটা পোষ্টত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পেৰিছত উপস্থিত হৈছে, য’ত তেওঁক বিশেষ আদৰণি জনোৱা হৈছে। বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনাই ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী ছাবেলাকৰ্ণুৱে।

স্থানীয় সময় অনুসৰি, সন্ধিয়া মোদীয়ে ইলিচি পেলেচত ৰাষ্ট্ৰপতি মেক্ৰনে আয়োজন কৰা ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব চৰকাৰ আৰু ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মানত।

এই ৰাতিৰ আহাৰত প্ৰযুক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰিত আন কেইবাজনো বিশিষ্ট ব্যক্তিও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-অধ্যক্ষতা কৰিব।

ফ্ৰান্সলৈ যোৱাৰ পূৰ্বে দিয়া এক বিবৃতিত মোদীয়ে কয় যে, তেওঁ বিশ্ব-নেতা আৰু বিশ্ব-প্ৰযুক্তিৰ চিইঅ’সকলৰ সন্মিলন এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী। য’ত তেওঁলোকে উদ্ভাৱন আৰু বহল জনকল্যাণক সৰ্বাংগীন, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্যভাৱে আগুৱাই নিয়াৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক পদ্ধতিৰ ওপৰত ধাৰণাসমূহ ভাগ-বতৰা কৰিব।

লগতে মোদী আৰু মেক্ৰনে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব আৰু ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ভাষণ দিব। বুধবাৰে দুয়োগৰাকী নেতাই প্ৰথম বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জনাবলৈ মাজাৰগুৱেছ যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। তেওঁ মাৰ্চেইলত ভাৰতৰ নতুন কনছুলেট জেনেৰেল উদ্বোধন কৰিব।

মোদী আৰু মেক্ৰনে উচ্চ বিজ্ঞান প্ৰকল্প আন্তৰ্জাতিক তাপ পাৰমাণৱিক পৰীক্ষামূলক ৰিয়েক্টৰ (আইটিইআৰ)ৰ স্থান কাদাৰাচে পৰিদৰ্শন কৰিব। বিষয়াসকলৰ মতে, মোদীৰ এয়া ৬বাৰৰ বাবে ফ্ৰান্স ভ্ৰমণ।

Leave a Reply

Your email address will not be published. Required fields are marked *