Friday, 13 November 2026
Latest
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

১৮৯৮- আজিৰ দিনটোতে কালী পূজা উপলক্ষে পূজ্য মাতা শ্ৰী সাৰদা দেৱীয়ে নিবেদিতাৰ বিদ্যালয় উদ্বোধন কৰে।

১৯১৮- অষ্ট্ৰিয়া গণৰাজ্যত পৰিণত হয়।

১৯৫০- তিব্বতে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ ওচৰত আবেদন জনায়।

১৯৬৮- পাকিস্তানত জুলফিকাৰ আলী ভুট্টো গ্ৰেপ্তাৰ হয়।

১৯৭১- আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰেৰণ কৰা মেৰিনাৰ ৯ নামৰ এখন মহাকাশযান মংগল গ্ৰহৰ কক্ষপথত উপনীত হয়।

১৯৭১- আমেৰিকাৰ বিমান মেৰিনাৰ ৯ মংগল গ্ৰহক প্ৰদক্ষিণ কৰিছিল।

১৯৭৫- বিশ্ব স্বাস্থ্য সংস্থাই এছিয়াক ছমপক্স মুক্ত ঘোষণা কৰে।

১৯৮৫- পূব কলম্বিয়াত আগ্নেয়গিৰিৰ বিস্ফোৰণত প্ৰায় ২৩,০০০ লোকৰ মৃত্যু হয়।

১৯৯৭- নিৰাপত্তা পৰিষদে ইৰাকত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰে।

১৯৯৮- চীনৰ বিৰোধিতা সত্ত্বেও দালাই লামা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ সাক্ষাৎ।

২০০৪- আমেৰিকাৰ ৰাষ্ট্ৰপতি বুছে পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বাবে চাৰি বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰে।

২০০৫- সন্ত্ৰাসবাদ নিৰ্মূল আৰু উন্নত অৰ্থনৈতিক জগতত দক্ষিণ কোৰিয়াক একত্ৰিত কৰাৰ বাবে ভাৰতে আঞ্চলিক সহযোগিতা বৃদ্ধিৰ আহ্বানৰ ওপৰত সহমতত ত্ৰয়োদশ ছাৰ্ক সন্মিলনৰ সামৰণি পৰে। ভাৰতত চতুৰ্দশ সাৰ্ক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

২০০৭- কমনৱেলথে পাকিস্তানক দেশত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিবলৈ ১০ দিনৰ সময় দিয়ে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডত ভাৰতীয় ছবি “গান্ধী, মোৰ পিতৃ”ই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে।

২০০৮- অসম গণ পৰিষদে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত যোগদান কৰে।

২০০৯- ঝাৰখণ্ডত নক্সালবাদীয়ে বিদায়ী বিধায়ক ৰামচন্দ্ৰ সিংকে ধৰি ৭ জন লোকক অপহৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *