No Result
View All Result
এটা দিন…
এটা তাৰিখ…
আৰু কেইটামান মুহূৰ্তৰ ভিতৰতে থানবান হৈ পৰিছিল অসংখ্য পৰিয়ালৰ সপোন।
ৰাজপথত মানুহৰ ভিৰ। বজাৰত ব্যস্ততা। কোনোবা গৈছিল কৰ্মস্থলীলৈ, কোনোবা ওলাইছিল বজাৰ কৰিবলৈ, আন কোনোবাই হয়তো ঘৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেই দিনটোত কোনেও কল্পনা কৰা নাছিল যে কেইটামান মুহূৰ্তৰ ভিতৰতে সলনি হৈ যাব অসমৰ ইতিহাস।
৩০ অক্টোবৰৰ সেই ক’লা দিনটো। ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাইছিল সমগ্ৰ অসম।এটা-দুটা নহয়, ৯টাকৈ বিস্ফোৰণ। মুহূৰ্ততে তেজেৰে ৰাঙলী হৈছিল অসমৰ কেইবাটাও স্থান।এটা সন্ত্ৰাসবাদী আক্ৰমণে থানবান কৰিছিল অসংখ্য পৰিয়াল।
দিনৰ প্ৰায় ১১.৩০ বজাত ধাৰাবাহিক বোমা বিস্ফোৰণে জোকাৰি গৈছিল অসম। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, পাণবজাৰ আৰু কাছাৰী চৌহদৰ লগতে কোকৰাঝাৰ, বৰপেটা ৰোড আৰু বঙাইগাঁৱৰ বিভিন্ন স্থানত সংঘটিত হৈছিল বিস্ফোৰণ। চাৰিওফালে ধোঁৱা। ৰাজপথত হাহাকাৰ। আহত লোকৰ আৰ্তনাদে গধুৰ কৰি তুলিছিল পৰিৱেশ।এটা মুহূৰ্তৰ আগলৈকে য’ত আছিল সাধাৰণ জীৱনৰ ব্যস্ততা, তাৰ পিছৰ মুহূৰ্ততে সেই ঠাইবোৰ পৰিণত হৈছিল মৃত্যুৰ বিভীষিকাময় দৃশ্যলৈ।কান্দোন, আৰ্তনাদ আৰু ধোঁৱাই আৱৰি ধৰিছিল ৰাজপথ। আদালতৰ নথি অনুসৰি, সেই ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮৮জনকৈ লোকে। আহত হৈছিল প্ৰায় ৫৪০জন লোক। কোনো পৰিয়ালে হেৰুৱাইছিল উপাৰ্জনকাৰীজনক, কোনো শিশুৱে হেৰুৱাইছিল পিতৃ-মাতৃক, আন কোনোবাই হেৰুৱাইছিল নিজৰ আপোনজনক।
বছৰ পাৰ হ’ল। সময় আগবাঢ়িল। মহানগৰীৰ ৰাজপথত পুনৰ আৰম্ভ হ’ল ব্যস্ততা। নতুন প্ৰজন্মৰ বহুতে হয়তো সেই দিনটোৰ বিভীষিকাৰ কথা কেৱল ইতিহাসৰ পৃষ্ঠাতহে পঢ়িছে। কিন্তু যিসকলে নিজৰ আপোনজনক হেৰুৱাইছিল, তেওঁলোকৰ বাবে ৩০ অক্টোবৰ কেৱল কেলেণ্ডাৰৰ এটা তাৰিখ নহয়। এয়া বুকুৰ ভিতৰত কঢ়িয়াই ফুৰা এক গভীৰ ক্ষত। এই ঘটনাৰ তদন্তৰ পিছত ২০১৯ চনত বিশেষ চিবিআই আদালতে এনডিএফবিৰ তদানীন্তন মুৰব্বী ৰঞ্জন দৈমাৰীসহ ১০জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তথাপি, আইনী প্ৰক্ৰিয়া আৰু শাস্তিৰ মাজতো বিস্ফোৰণত আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ বেদনা মচি পেলাব পৰা নাযায়।
১৮ বছৰ পাৰ হ’ল। কিন্তু প্ৰশ্নটো আজিও একেই—এনে বিভীষিকাৰ বলি হোৱা নিৰীহ মানুহৰ স্মৃতি আমি কিমান গভীৰভাৱে সজীৱ কৰি ৰাখিছোঁ? ৩০ অক্টোবৰ সেয়ে কেৱল শোকৰ দিন নহয়। এয়া নিৰীহ লোকৰ জীৱনৰ মূল্য উপলব্ধি কৰাৰ দিন। এয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দিয়াৰ দিন।কাৰণ বিস্ফোৰণে কেৱল জীৱন কাঢ়ি নিয়া নাছিল—ই অসংখ্য পৰিয়ালৰ ভৱিষ্যতো সলনি কৰি দিছিল।
৩০ অক্টোবৰ- অসমৰ ইতিহাসৰ সেই ক’লা অধ্যায়, যাক সময়ে পাৰ কৰিব পাৰে, কিন্তু স্মৃতিয়ে কেতিয়াও মচি পেলাব নোৱাৰে।
No Result
View All Result