কিন্তু প্ৰকৃততে বিমানখনৰ ভিতৰত কি ঘটিছিল? সঁচাকৈয়ে কোনোবাই হাইজেক কৰিছিল নেকি বিমানখন? নে ইয়াৰ আঁৰত আছিল আন কিবা ৰহস্য?
বাতৰি অনুসৰি, যোৱা নিশা ১০ বাজি ৪৫ মিনিটত ফ্ৰেংকফৰ্টৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ AI 2030 বিমানখনে। গন্তব্যস্থান আছিল নতুন দিল্লী। কিন্তু পুৱা ৯ বাজি ৫ মিনিটত আহমেদাবাদ বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল অৰ্থাৎ ATC-এ লাভ কৰে এক জৰুৰীকালীন সতৰ্কবাণী। প্ৰাৰম্ভিক তথ্য অনুসৰি, বিমানখন মুম্বাই ফ্লাইট ইনফৰ্মেশ্যন ৰিজিঅ’নৰ আকাশত থকাৰ সময়ত পাইলটে ‘স্কোৱাক ক’ড ৭৫০০’ সক্ৰিয় কৰিছিল। এই সংকেত সাধাৰণতে বিমানত অবৈধ হস্তক্ষেপ বা হাইজেকিঙৰ ইংগিত দিয়ে।
ইয়াৰ পিছতেই তৎপৰ হৈ পৰে বিমান পৰিবহণ আৰু নিৰাপত্তা সংস্থা। দিল্লীৰ সলনি বিমানখনক জয়পুৰ বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয়। অৱতৰণৰ পিছতে নিৰাপত্তা পৰীক্ষাৰ বাবে বিমানখনক আইছ’লেশ্যন বে’লৈ লৈ যোৱা হয়।
ইফালে, বিমানখনৰ জৰুৰীকালীন অৱতৰণক কেন্দ্ৰ কৰি জয়পুৰ বিমানবন্দৰত সৃষ্টি হয় ব্যাপক হুলস্থুলীয়া পৰিস্থিতিৰ। উপস্থিত হয় বোমা নিষ্ক্ৰিয়কৰণ দল, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ কেইবাটাও দল। ৰাজস্থান আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো বিমানবন্দৰত উপস্থিত হয়।
প্ৰথম অৱস্থাত হাইজেকিঙৰ আশংকাই সকলোৰে মাজত উদ্বেগ সৃষ্টি কৰিছিল। কিন্তু নিৰাপত্তা সংস্থাৰ তদন্তত এই ঘটনাটো প্ৰৱঞ্চনামূলক সতৰ্কবাণী বুলি প্ৰমাণিত হোৱা বুলি জানিব পৰা গৈছে।
অৰ্থাৎ, যি সংকেতে বিমানখনৰ সুৰক্ষাক লৈ গুৰুতৰ আশংকাৰ সৃষ্টি কৰিছিল, সেয়া শেষত ভুৱা বুলি ওলাই পৰিল। কিন্তু এই ভুৱা সতৰ্কবাণী কোনে দিলে? কেনেকৈ সক্ৰিয় হ’ল এনে এটা গুৰুত্বপূৰ্ণ নিৰাপত্তা সংকেত? আৰু ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছিল নেকি?
এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়াও স্পষ্ট নহয়। বাতৰি লিখাৰ সময়লৈকে বিমানখনত থকা যাত্ৰীৰ সঠিক সংখ্যা আৰু এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক বিবৃতিৰ বাবে অপেক্ষা কৰা হৈছে। এতিয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য।