Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

মুখ্যমন্ত্ৰী সন্দৰ্ভত সমস্যাৰ সৃষ্টি বিজয়ৰ! ১০৭ জন বিধায়কৰ সমৰ্থন, কিন্তু ৰাজ্যপালে ক’লে এই কথা…

তামিলনাডুৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠনক লৈ ৰাজনৈতিক অচলাৱস্থা গভীৰ হৈ পৰিছে। ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে বিজয়ক স্পষ্ট কৰি দিছে যে, তেওঁৰ দল টিভিকেৰ চৰকাৰ গঠনৰ বাবে বৰ্তমানেও প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ অভাৱ।

২৩৪ জনীয়া বিধানসভাত ১০৮খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে TVK দল। পিছে বৰ্তমানেও সংখ্যাগৰিষ্ঠতাৰ বাবে দলটোৰ প্ৰয়োজনীয় ১১৮খন আসনৰ তুলনাত ১০খন আসনৰ অভাৱ। ৫ জন কংগ্ৰেছ বিধায়কৰ সমৰ্থন লাভ কৰাৰ পিছতো দলটোক আৰু অধিক মিত্ৰৰ প্ৰয়োজন। সেয়েহে TVK-এ বাওঁপন্থী দল VCK, IUMLৰ পৰা সমৰ্থন বিচাৰিছে আৰু আগন্তুক ২দিনত এই দলসমূহে নিজৰ স্থিতি স্পষ্ট কৰাৰ সম্ভাৱনা আছে।

ইফালে VCK নেতা থোল থিৰুমাভালাভানে বাওঁপন্থী দলসমূহৰ স্থিতি শুনিহে তেওঁৰ দলে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে। TVKৰ নেতা চিটিআৰ কুমাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এম বীৰপাণ্ডিয়ান আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পি শনমুগমৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ সমৰ্থন বিচাৰে। তেওঁ জোৰ দি কয় যে, বিজয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ক্ষমতাৰ ভাগ-বতৰা কৰাটো অতি প্ৰয়োজনীয় যাতে মিত্ৰসকলে নিজ নিজ নীতি আৰু মতাদৰ্শ কাৰ্যকৰী কৰিব পাৰে।

খবৰ অনুসৰি, TVK বাওঁপন্থী দল, VCK আৰু IUMLলৈ ইমেইল আৰু আনুষ্ঠানিক চিঠি প্ৰেৰণ কৰি সমৰ্থন বিচাৰিছে। তামিলনাডুত চৰকাৰ গঠনত দলটোৱে সফল হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।ইফালে, ৫খন আসন লাভ কৰা কংগ্ৰেছে ইতিমধ্যে TVKক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে।

ইফালে ভাৰতীয় জনতা পাৰ্টিয়ে উল্লেখ কৰিছে যে সমগ্ৰ চৰকাৰ গঠন প্ৰক্ৰিয়া সাংবিধানিকভাৱে চলিব আৰু ৰাজ্যপালে নিয়ম অনুসৰি সিদ্ধান্ত ল’ব। ফলস্বৰূপে তামিলনাডুৰ পৰিস্থিতি অনিশ্চিত হৈয়েই আছে। সকলোৰে দৃষ্টি এতিয়া বিজয়ে প্ৰয়োজনীয় সমৰ্থন লাভ কৰিব পাৰিব নে ৰাজ্যত নতুন ৰাজনৈতিক সমীকৰণৰ উন্মেষ ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *