মুদ্ৰাস্ফীতিৰ মাজতে সাধাৰণ গ্ৰাহকৰ ওপৰত পুনৰ পৰিছে গাখীৰ আৰু দৈৰ মূল্যবৃদ্ধিৰ বোজা। ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ ব্যক্তিগত দুগ্ধ প্ৰতিষ্ঠানে তাৎক্ষণিকভাৱে বৃদ্ধি কৰিছে গাখীৰ আৰু দৈৰ খুচুৰা মূল্য। এই মূল্যবৃদ্ধিৰ পিছতে তামিলনাডুত গাখীৰৰ এজেণ্টসকলে চৰকাৰক বিষয়টো পুনৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে।
জানিব পৰা মতে, তামিলনাডুত বহু ব্যক্তিগত দুগ্ধ প্ৰতিষ্ঠানে প্ৰতি লিটাৰ গাখীৰত প্ৰায় ৪ টকা আৰু দৈত ২ টকা পৰ্যন্ত মূল্য বৃদ্ধি কৰিছে। ২১ ছেপ্টেম্বৰত আৰোগ্যই প্ৰথমে মূল্য বৃদ্ধি কৰাৰ পিছত হেৰিটেজ, তিৰুমালা আৰু জাৰ্চিৰ দৰে কোম্পানীয়েও নতুন মূল্য নিৰ্ধাৰণ কৰে।
নতুন মূল্য অনুসৰি, ৫০০ মিলিলিটাৰৰ টোনড(toned) গাখীৰৰ দাম ৩১ টকাৰ পৰা ৩২ টকালৈ, ষ্টেণ্ডাৰ্ডাইজড গাখীৰ ৩৫ টকাৰ পৰা ৩৭ টকালৈ আৰু ফুল ক্ৰীম গাখীৰ ৪০ টকাৰ পৰা ৪২ টকালৈ বৃদ্ধি পাইছে। এক লিটাৰৰ পেকেটত টোনড গাখীৰ ৬১ টকা, ষ্টেণ্ডাৰ্ডাইজড গাখীৰ ৭০ টকা আৰু ফুল ক্ৰীম গাখীৰ ৮১ টকা হৈছে। ৫০০ গ্ৰাম দৈতো ১ টকা বৃদ্ধি কৰা হৈছে।









