এটা ক্লিক, কেইছেকেণ্ডমানৰ অপেক্ষা আৰু সম্পূৰ্ণ হ’ল পেমেণ্ট! আজিৰ ডিজিটেল ভাৰতত ইউপিআই যেন দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ। চাহৰ দোকানৰ পৰা শ্বপিং মললৈকে সকলোতে QR ক’ড স্কেন কৰি ধন পৰিশোধ কৰে কোটি কোটি লোকে। কিন্তু এই বিশাল ডিজিটেল বজাৰত আটাইতকৈ শক্তিশালী এই খেলুৱৈ কোন? কোনটো এপে দখল কৰিছে গ্ৰাহকৰ বিশ্বাস? এসময়ত জনপ্ৰিয়তা লাভ কৰা Paytm কিয় এতিয়া তৃতীয় স্থানত?
উল্লেখিত তথ্য অনুসৰি, ইউপিআই পেমেণ্ট এপৰ বজাৰত ৪৫.৬ শতাংশ অংশীদাৰিত্বৰে শীৰ্ষস্থানত আছে PhonePe। দ্বিতীয় স্থানত থকা Google Pay-ৰ অংশীদাৰিত্ব ৩২.৩ শতাংশ। অৰ্থাৎ, এই দুয়োটা এপৰ সংযুক্ত বজাৰ অংশীদাৰিত্ব প্ৰায় ৭৭.৯ শতাংশ! এই পৰিসংখ্যাই ডিজিটেল পেমেণ্টৰ বজাৰত দুয়োটা প্ৰতিষ্ঠানৰ শক্তিশালী অৱস্থান স্পষ্ট কৰি তোলে।
আনহাতে, ৮ শতাংশ বজাৰ অংশীদাৰিত্বৰে তৃতীয় স্থানত আছে Paytm। PhonePe আৰু Google Pay-ৰ তুলনাত এই ব্যৱধান যথেষ্ট ডাঙৰ। চতুৰ্থ স্থানত থকা Navi-ৰ অংশীদাৰিত্ব ৪.৪ শতাংশ। ইয়াৰ পিছতে SuperMoney-ৰ ১.৭ শতাংশ, BHIM-ৰ ১ শতাংশ, FamApp-ৰ ০.৯ শতাংশ, WhatsApp Pay-ৰ ০.৭ শতাংশ আৰু CRED তথা Axis Bank App-ৰ ০.৬ শতাংশকৈ অংশীদাৰিত্ব আছে।
কিন্তু এই প্ৰতিযোগিতাৰ মাজতে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। ইউপিআই লেনদেনত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (MDR) প্ৰৱৰ্তনৰ প্ৰস্তাৱক লৈ আৰম্ভ হৈছে চৰ্চা। উল্লেখিত তথ্য অনুসৰি, ২,০০০ টকাৰ ওপৰৰ নিৰ্বাচিত ব্যৱসায়িক ইউপিআই লেনদেনত ০.৪ শতাংশ মাচুল আৰু প্ৰতিটো লেনদেনত সৰ্বাধিক ৩০০ টকাৰ সীমাৰ প্ৰস্তাৱ দিয়া হৈছিল। ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা থকা ব্যৱস্থাটো দীপাৱলীৰ পিছলৈ পিছুৱাই দিয়াৰ কথাও প্ৰকাশ পাইছে।
এতিয়া প্ৰশ্ন হ’ল—এই পৰিৱৰ্তনে ডিজিটেল পেমেণ্টৰ বজাৰত নতুন সমীকৰণ সৃষ্টি কৰিবনে? PhonePe আৰু Google Pay-ৰ আধিপত্য অক্ষুণ্ণ থাকিবনে, নে Paytm-এ পুনৰ নিজৰ হেৰুৱা স্থান উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব? তাৰ উত্তৰ সময়েহে দিব।