No Result
View All Result
মহাকাশৰ অজস্ৰ ৰহস্যৰ সাক্ষী হৈ থকা এটা অধ্যায়ৰ অৱশেষত ঘটিল সামৰণি। ২২ বছৰ ধৰি মহাকাশৰ গভীৰতাত লুকাই থকা ৰহস্য উন্মোচন কৰি অহা নাছাৰ অত্যাধুনিক ‘Swift Space Telescope’ অৱশেষত পৃথিৱীলৈ উভতি আহিল। কিন্তু এই উভতনি কোনো সাধাৰণ অৱতৰণ নাছিল। প্ৰচণ্ড বেগেৰে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি জুইৰ গোলা হৈ পৰিল মহাকাশযানখন।
২০০৪ চনৰ ২০ নৱেম্বৰত নাছাই মহাকাশলৈ উৎক্ষেপণ কৰিছিল Neil Gehrels Swift Observatory। মূলতঃ মাত্ৰ দুবছৰৰ অভিযানৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছিল এই টেলিস্কোপটো। কিন্তু বিজ্ঞানীসকলৰ সকলো ধাৰণা অতিক্ৰম কৰি ই ২২ বছৰ ধৰি মহাকাশত নিজৰ অভিযান অব্যাহত ৰাখিলে।
বিশেষকৈ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ শক্তিশালী বিস্ফোৰণ হিচাপে পৰিচিত Gamma-Ray Burstsৰ ওপৰত গৱেষণা কৰাই আছিল ইয়াৰ প্ৰধান লক্ষ্য। ইয়াৰ উপৰি কৃষ্ণগহ্বৰ, ছুপাৰন’ভা, নক্ষত্ৰৰ বিস্ফোৰণ, গ্ৰহাণু আৰু ধূমকেতুৰ দৰে বহু মহাজাগতিক পৰিঘটনাৰ ৰহস্য উদ্ঘাটনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল Swift-এ। ইয়াৰ তথ্যৰ আধাৰত প্ৰায় ৭,০০০ বৈজ্ঞানিক গৱেষণা-পত্ৰ প্ৰকাশ পাইছে।
কিন্তু সময়ৰ লগে লগে পৃথিৱীৰ পৰা ইয়াৰ কক্ষপথৰ উচ্চতা হ্ৰাস পাবলৈ ধৰে। অৱশেষত ৪ নৱেম্বৰ, ২০২৬ত ইণ্ডোনেছিয়াৰ উত্তৰ ছুমাত্ৰাৰ ওপৰত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে প্ৰায় ১,৪৫০ কিলোগ্ৰাম ওজনৰ এই মহাকাশযানখন। ঘণ্টাত প্ৰায় ২৭,০০০ কিলোমিটাৰতকৈও অধিক বেগত অহাৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড তাপত ইয়াৰ অধিকাংশ অংশ জ্বলি যায়।
অৱশ্যে কিছুমান ধাতৱ অংশ পৃথিৱীত পৰি থকাৰ সম্ভাৱনা আছে। বৰ্তমানলৈ কোনো ক্ষয়-ক্ষতি বা আঘাতৰ খবৰ পোৱা হোৱা নাই। এয়া কেৱল এটা টেলিস্কোপৰ পতন নহয়, বৰং মহাকাশ বিজ্ঞানৰ ইতিহাসত ২২ বছৰীয়া এক গৌৰৱোজ্জ্বল অভিযানৰ অন্তিম অধ্যায়।
No Result
View All Result