নেতিবাচক সমালোচনাৰ বাবে কিছুদিন পূৰ্বে ৰিলিজ হোৱা ‘টক্সিক’ চিনেমাখন যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ ফলত ছবিখনৰ উপাৰ্জনত নেতিবাচক প্ৰভাৱ পৰে। হিন্দীত সৰ্বাধিক উপাৰ্জন কৰিলেও মালয়ালম ভাষাত ৫ কোটি টকাও উপাৰ্জন কৰিব নোৱাৰিলে এই ছবিখনে। ইফালে এখন মালয়ালম ৰোমান্টিক ছবিয়ে মাত্ৰ এটা ভাষাত মুক্তি পোৱাৰ পিছতো ‘টক্সিক’তকৈ অধিক উপাৰ্জন কৰিছে। ইয়াৰ ফলত এই ছবিখনে ২০২৬ চনৰ বাবে এক উল্লেখযোগ্য অভিলেখ গঢ়িছে।
এই ছবিখনৰ নাম হৈছে “বেথলেহম কুডুম্বা ইউনিট”। মুক্তিৰ ১৩ দিন হ’ল আৰু ইতিমধ্যে বিশ্বজুৰি ২০০ কোটিৰো অধিক উপাৰ্জন কৰিছে এই ছবিখনে। কেৱল মালয়ালম ভাষাত মুক্তি পোৱা এই ছবিখনে “ধুৰন্ধৰ ২”তকৈও অধিক উপাৰ্জন কৰিছে।
প্ৰতিবেদনৰ মতে, মালয়ালম ৰোমান্টিক ছবি “বেথলেহেম কুডুম্বা ইউনিট”য়ে প্ৰথম দিনাই ৪.৯০ কোটি টকা আৰু প্ৰথম সপ্তাহৰ শেষৰ ফালে ৫০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে। ছবিখনে মাত্ৰ ১৩ দিনতে ৯৮.১০ কোটি উপাৰ্জন কৰিছে। ১৪ দিনৰ উপাৰ্জনৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ ১০০ কোটি অতিক্ৰম কৰে।
বহিঃৰাজ্যত এই ছবিখনে ১১২ কোটি টকা উপাৰ্জন কৰি বিশ্বব্যাপী সংগ্ৰহ ২৩১.২৫ কোটি হৈছে। “বেথলেহম কুডুম্বা ইউনিট” চলিত বৰ্ষৰ দ্বিতীয় সৰ্বাধিক লাভজনক মালয়ালম ছবি হিচাপে পৰিগণিত হৈছে। লাভৰ ক্ষেত্ৰত মোহনলালৰ “দৃশ্যাম ৩” আৰু “আডু ৩”কো অতিক্ৰম কৰিছে। এই ছবিখনৰ বাজেট আছিল ৩০ কোটি, কিন্তু ই বিশ্বজুৰি ২৩১.২৫ কোটি টকা উপাৰ্জন কৰিছে।
লাভৰ ক্ষেত্ৰত চলিত বৰ্ষৰ বৃহৎ ছবি “টক্সিক” আৰু “ধুৰন্ধৰ ২”ক চেৰ পেলাইছে মালয়ালম ছবি “বেথলেহম কুডুম্বা ইউনিট”য়ে। আদিত্য ধৰৰ ছবিখনে ২৫০ কোটি টকাৰ বাজেটত বক্স অফিচত ১,৮০০ কোটি টকাৰো ওপৰত উপাৰ্জন কৰিছিল। ইফালে যশৰ “টক্সিক” ছবিখনে আঠ দিনত বিশ্বজুৰি ৩২২ কোটি টকা উপাৰ্জন কৰিছে যদিও এতিয়ালৈ বাজেটেই আদায় কৰিব পৰা নাই। খবৰ অনুসৰি এই ছবিখনৰ বাজেট আছিল ৫০০ কোটি টকা।









