No Result
View All Result
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
১৫৫৬- আজিৰ দিনটোতে পানীপাটৰ দ্বিতীয় যুদ্ধত মোগল সম্ৰাট আকবৰে হেমুক পৰাস্ত কৰে।
১৬৩০- স্পেইন আৰু ইংলেণ্ডৰ মাজত শান্তি চুক্তি স্বাক্ষৰ কৰা হয়।
১৬৩৯- মেছাচুচেটছত প্ৰথম ডাকঘৰ স্থাপন কৰা হয়।
১৬৭৮- জাৰ্মান বিশেষ বাহিনী ব্ৰেণ্ডেনবাৰ্গাৰে ছুইডেনৰ গ্ৰেইফছৱাল্ড চহৰ দখল কৰে।
১৭২৫- স্পেইন আৰু অষ্ট্ৰিয়াই গোপন চুক্তি স্বাক্ষৰ কৰে।
১৮১১- মধ্য আমেৰিকাৰ দেশ এল ছালভাডৰৰ প্ৰথম স্বাধীনতা সংগ্ৰাম স্পেইনৰ বিৰুদ্ধে।
১৮৫৪- ক্ৰিমিয়া যুদ্ধত ব্ৰিটেইন আৰু ফ্ৰান্সৰ সংযুক্ত বাহিনীয়ে ইকাৰমানত ৰাছিয়ান সেনাক পৰাস্ত কৰে।
১৮৭২- ইউলিছিছ এছ গ্ৰাণ্ট দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
১৯১৪- ইংলেণ্ড আৰু ফ্ৰান্সে তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯২০- ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি প্ৰতিষ্ঠা হয়।
১৯৩০- আমেৰিকাৰ সাহিত্যিক প্ৰতিভাশালী চিনক্লেয়াৰ লুইছে তেওঁৰ “বেবিট” ৰচনাৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
১৯৫১- আমেৰিকাই নেভাদা পাৰমাণৱিক পৰীক্ষা স্থানত পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৬১- ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিউয়ৰ্ক ভ্ৰমণ কৰে।
১৯৭৬- ছোভিয়েট ইউনিয়নে পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৮৫- তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি জুলিয়াছ নেৰেৰে ২৪ বছৰ শাসন কৰাৰ পিছত পদত্যাগ কৰে।
১৯৯৫- ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়িজাক ৰাবিনক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হয়।
১৯৯৯- ৱেষ্ট ইণ্ডিজৰ সৰ্বশ্ৰেষ্ঠ বেগী বলাৰ মেলকম মাৰ্শ্বেলৰ মৃত্যু হয়।
২০০১- ভাৰত আৰু ৰাছিয়াই আফগান চৰকাৰত তালিবানৰ অংশগ্ৰহণ নাকচ কৰে।
২০০২- ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ খোমেইনীয়ে কাৰাগাৰত বন্দী হোৱা দেশখনৰ শীৰ্ষ বিৰোধী আব্দুল্লা নৌৰীক সাধাৰণ ক্ষমা প্ৰদান কৰে।
২০০৪- ইজৰাইলৰ সংসদে প্ৰধানমন্ত্ৰী এৰিয়েল শ্বেৰনৰ গাজা ষ্ট্ৰিপ আৰু পশ্চিম তীৰৰ চাৰিটা বসতি খালী কৰাৰ পৰিকল্পনাত অনুমোদন জনায়।
২০০৬- ইৰাকৰ উচ্চ ন্যায়াধিকৰণে দেশখনৰ পদচ্যুত ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।
২০০৭- চীনৰ প্ৰথমখন মহাকাশযান চাং’ই-১ চন্দ্ৰৰ কক্ষপথত উপনীত হয়।
২০১২- ছিৰিয়াত আত্মঘাতী বোমা বিস্ফোৰণত ৫০ জন জোৱানৰ মৃত্যু হয়।
২০১৩- ৫ নৱেম্বৰত ভাৰতে সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰথম মংগল অৰ্বিটাৰ মিছন (এম অ’ এম) ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস ৰচনা কৰে।
No Result
View All Result