No Result
View All Result
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
১৬০৪- আজিৰ দিনটোতে অমৃতসৰৰ সোণালী মন্দিৰত আদি গুৰু গ্ৰন্থ চাহাব প্ৰতিষ্ঠা কৰা হয়।
১৭৮১- হাইদৰ আলীয়ে ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে পলিলুৰ যুদ্ধ কৰে।
১৯৩৯- বিশ্বৰ প্ৰথমখন জেট ইন্ধন চালিত বিমানে জাৰ্মানীৰ পৰা প্ৰথম উৰণ কৰে।
১৮৭০- ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন হিচাপে শ্ৰমিক সংঘ প্ৰতিষ্ঠা হয়।
১৯৭৬- ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম মহিলা জেনেৰেল মেজৰ জেনেৰেল জি আলী ৰামক সামৰিক নাৰ্চিং সেৱাৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।
১৯৭৯- আয়াৰলেণ্ডৰ সমীপত এখন নাও বিস্ফোৰণ ঘটে।
১৯৮৫- নাইজেৰিয়াত সামৰিক অভ্যুত্থানে মেজৰ জেনেৰেল মুহাম্মাদু বুহাৰীৰ চৰকাৰ উৎখাত কৰে আৰু জেনেৰেল ইব্ৰাহিম বাবাংগিদা নতুন সামৰিক শাসক হয়।
১৯৯০- ৱাশ্বিংটনত থকা ইৰাকৰ দূতাবাসৰ ৫৫ জন কৰ্মচাৰীৰ ভিতৰত ৩৬ জন কৰ্মচাৰীক আমেৰিকাই বহিষ্কাৰ কৰে।
১৯৯১- মলদোভাই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৯৯৯- সোণালী বেনাৰ্জী ভাৰতৰ প্ৰথম মহিলা মেৰিন ইঞ্জিনিয়াৰ হিচাপে পৰিগণিত হয়।
২০০৩- ৬০ হাজাৰ বছৰৰ ব্যৱধানৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰলৈ আহিছিল।
২০০৪- বিত্তমন্ত্ৰী শৌকত আজিজ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
২০০৮- উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ. মাথুৰক সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।
২০০৯- বহুজন সমাজ পাৰ্টিৰ সভানেত্ৰী শ্ৰীমতী মায়াৱতী তৃতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচিত হয়। উল্লেখযোগ্য যে দলৰ প্ৰতিষ্ঠাপক কাঞ্চি ৰামৰ পৰাই এই পদত অবিৰতভাৱে অধিষ্ঠিত হৈ আহিছে।
No Result
View All Result