দেশৰ বহু ৰাজ্যত সংখ্যালঘু ধৰ্মীয় স্থান, মাদ্ৰাছা আৰু অন্যান্য উপাসনা স্থানৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে বহু ব্যৱস্থা গ্ৰহণ কৰিছে। এনে বহু গোচৰত সংখ্যালঘুসকলে আদালতৰ কাষ চাপি যথেষ্ট সকাহো লাভ কৰিছে। গুজৰাটৰ কুচ অঞ্চলতো একেধৰণৰ গোচৰৰ উন্মেষ ঘটিছে, য’ত উচ্চ ন্যায়ালয়ে মুণ্ড্ৰাৰ ৪টাকৈ মুছলমান উপাসনা স্থালীত বলপূৰ্বকভাৱে বুলডজাৰ চলোৱাটো বন্ধ কৰিছে।
আদালতে স্পষ্টকৈ উল্লেখ কৰিছে যে, ক্ষতিগ্ৰস্ত গোটৰ বিৰুদ্ধে আইন অনুসৰি আবেদনৰ সম্পূৰ্ণ সুযোগ নিদিয়ালৈকে জোৰ-জবৰদস্তি কৰি গ্ৰহণ কৰিব নোৱাৰিব কোনো ব্যৱস্থা। এই গোচৰটো গুজৰাটৰ বন্দৰ চহৰ মুন্দ্ৰাৰ চাৰিটাকৈ মুছলমান ধৰ্মীয় স্থানৰ সন্দৰ্ভত উদ্ভৱ হৈছিল। প্ৰথমে মুন্দ্ৰা পৌৰসভাই এই ধৰ্মীয় স্থানসমূহ ভাঙি পেলোৱাৰ বাবে ১৫ দিনৰ সময়সীমা প্ৰদান কৰিছিল।
ইয়াৰ পিছতে মুছলমান গোটসমূহে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ যুক্তি আছিল যে, প্ৰশাসনে দিয়া সময় আইনী আবেদনৰ সময়সীমাতকৈ যথেষ্ট কম। আবেদনকাৰীসকলে উল্লেখ কৰে যে এনে প্ৰশাসনিক আদেশৰ বিৰুদ্ধে আপীল দাখিল কৰাৰ আইনী সময়সীমা ৯০ দিন। ইয়াৰ পিছতো মুন্দ্ৰাত প্ৰশাসনে সংশ্লিষ্ট পক্ষক মাত্ৰ ১৫ দিনৰ মঞ্জুৰ অনুমতি দিয়ে।
মুছলমানসকলে যুক্তি দিছিল যে তেওঁলোকক নিজৰ আইনী অধিকাৰ প্ৰয়োগ কৰিবলৈ পৰ্যাপ্ত সময় দিয়া হোৱা নাছিল। গুজৰাট উচ্চ ন্যায়ালয়ে এই যুক্তি মানি লৈ চাৰিটা ধৰ্মীয় স্থানক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে। আবেদনৰ বাবে নিৰ্ধাৰিত সময়সীমা শেষ নোহোৱালৈকে বা পৌৰসভাই চূড়ান্ত সিদ্ধান্ত নিদিয়ালৈকে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।
গুজৰাট উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক ক্ষতিগ্ৰস্ত ধৰ্মীয় স্থানসমূহৰ বাবে তাৎক্ষণিক সকাহ বুলি অভিহিত কৰে নাগৰিক অধিকাৰ আয়োগে। সংগঠনটোৱে কয় যে, প্ৰশাসনৰ কাৰ্য্য সদায় সংবিধান, আইনী সুৰক্ষা, আৰু প্ৰতিষ্ঠিত ন্যায়িক পদ্ধতি অনুসৰি হ’ব লাগে। কোনো পক্ষয়েই নিজৰ আইনী অধিকাৰ প্ৰয়োগ কৰাৰ আগতে ব্যৱস্থা গ্ৰহণ কৰিব নালাগে।









