আকাশত আতচবাজীৰ ৰং, ঘৰে ঘৰে মাটিৰ চাকি, পদূলিত ৰঙীন ৰংগোলী আৰু চৌদিশে পোহৰৰ মেলা। দীপাৱলী মানেই আনন্দ, উৎসাহ আৰু উদযাপনৰ এক অনন্য পৰিৱেশ। কিন্তু আপুনি জানেনে, কেৱল চাকি জ্বলোৱা বা ফটকা ফুটোৱাই দীপাৱলীৰ প্ৰকৃত অৰ্থ নহয়। এই উৎসৱৰ আঁৰত লুকাই আছে এনে কিছুমান কাহিনী আৰু বিশ্বাস, যিবোৰে আপোনাক আচৰিত কৰিব পাৰে।
১. ৰামৰ অযোধ্যা প্ৰত্যাৱৰ্তনৰ সৈতে জড়িত দীপাৱলী
হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, ১৪ বছৰীয়া বনবাস আৰু ৰাৱণ বধৰ পিছত ভগৱান ৰাম, সীতা আৰু লক্ষ্মণ অযোধ্যালৈ উভতি আহিছিল। প্ৰিয় ৰজাক আদৰণি জনাবলৈ অযোধ্যাবাসীয়ে ঘৰে ঘৰে মাটিৰ চাকি জ্বলাই সমগ্ৰ নগৰী পোহৰাই তুলিছিল। সেই পৰম্পৰাৰ পৰাই দীপাৱলীৰ বিশেষ তাৎপৰ্য গঢ় লৈ উঠিছে বুলি বিশ্বাস কৰা হয়।
২. অমাৱস্যাৰ আন্ধাৰত কিয় জ্বলে হাজাৰ হাজাৰ চাকি?
দীপাৱলী পালন কৰা হয় কাৰ্তিক মাহৰ অমাৱস্যা তিথিত। এই নিশা আকাশত নাথাকে জোনৰ পোহৰ। সেয়ে ঘৰে ঘৰে চাকি জ্বলাই আন্ধাৰ আঁতৰাই পোহৰক আদৰণি জনোৱাৰ পৰম্পৰা আছে। ইয়াৰ প্ৰতীকী অৰ্থ হৈছে- আন্ধাৰৰ ওপৰত পোহৰৰ জয় আৰু অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়।
৩. লক্ষ্মী দেৱীৰ সৈতে কি সম্পৰ্ক?
দীপাৱলীৰ নিশা ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, পৰিষ্কাৰ-পৰিচ্ছন্ন ঘৰ আৰু পোহৰেৰে সজাই তোলা পৰিৱেশত লক্ষ্মীৰ আগমন ঘটে। সেয়ে এই উৎসৱৰ পূৰ্বে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰাৰ বিশেষ পৰম্পৰা আছে।
৪. কেৱল ভাৰততে নহয়, বিদেশতো দীপাৱলীৰ উল্লাস!
ভাৰতৰ লগতে নেপাল, ছিংগাপুৰ, মালয়েছিয়া, মৰিচাছ আৰু ফিজিৰ দৰে দেশতো দীপাৱলী পালন কৰা হয়। বিভিন্ন দেশত ইয়াৰ ৰীতি-নীতি পৃথক হ’লেও মূল বাৰ্তা একেই—পোহৰ, আনন্দ আৰু আশাৰ জয়।
৫. চাকি জ্বলোৱাৰ আঁৰত আছে জীৱনৰ গভীৰ বাৰ্তা
এটা সৰু মাটিৰ চাকিয়েও যেন আন্ধাৰ কোঠা পোহৰাই তুলিব পাৰে। ঠিক তেনেদৰে মানুহৰ জীৱনতো সৰু এটা ভাল কাম, এটা ইতিবাচক চিন্তা অথবা এটা আশাৰ কিৰণে বহু হতাশা আঁতৰাব পাৰে।
সেয়েহে দীপাৱলী কেৱল উৎসৱ নহয়, ই এক অনুভূতি। এইবাৰ আঁতচবাজীৰ শব্দত নহয়, প্ৰেম, সম্প্ৰীতি আৰু আশাৰ পোহৰেৰে উদযাপন কৰক দীপাৱলী। কাৰণ প্ৰকৃত দীপাৱলী তেতিয়াহে সম্পূৰ্ণ হয়, যেতিয়া আপোনাৰ পোহৰে আনৰ জীৱনো আলোকিত কৰে।









