২৫ বছৰ- এক দীঘল ৰাজনৈতিক যাত্ৰা। এই যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ জীৱনৰ সফলতাৰ কৃতিত্ব দিলে দেশবাসীক। ২০০১ চনৰ ৭ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ দিনটো সুঁৱৰি মোদীয়ে কয়, সেই সময়ত তেওঁ কেতিয়াও ভবা নাছিল যে এদিন এই যাত্ৰাই ইমান ডাঙৰ মাইলৰ খুঁটিত উপনীত হ’ব।
প্ৰধানমন্ত্ৰী মোদীৰ বাবে এই ২৫ বছৰ কেৱল ক্ষমতাৰ যাত্ৰা নহয়, বৰং নতুন কথা শিকা, এবাৰ পৰি পুনৰ উঠা আৰু জনসেৱাৰ এক দীঘল অধ্যায়। তেওঁ কয় যে, আজি তেওঁ যিমানখিনি কৰিব পাৰিছে, তাৰ আঁৰত দেশবাসীৰ আশীৰ্বাদেই আটাইতকৈ ডাঙৰ শক্তি। সেয়ে জনসাধাৰণক তেওঁ ‘জনাৰ্দন’ বুলি অভিহিত কৰে।
এই বিশেষ দিনটোত তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি কয়- ১৪০ কোটি দেশবাসীক আৰু অধিক শক্তিৰে সেৱা আগবঢ়াই যাবলৈ যেন তেওঁ শক্তি লাভ কৰে। তেওঁৰ মতে, দেশে তেওঁক বহুত দিছে, সেয়েহে দেশৰ প্ৰতি তেওঁৰ দায়িত্বও অসীম।
২৫ বছৰৰ অভিজ্ঞতাকো নিজৰ ব্যক্তিগত সম্পত্তি বুলি নাভাবে মোদীয়ে। তেওঁৰ মতে, এই অভিজ্ঞতা সমগ্ৰ দেশৰ। ছাত্ৰ জীৱনৰ কথা সুঁৱৰি তেওঁ কয়, আজিও তেওঁ নিজকে এজন ‘ছাত্ৰ’ বুলিয়েই ভাবে আৰু সদায় নতুন কথা শিকি থাকিব বিচাৰে।
আনহাতে, সমালোচকসকলকো তেওঁ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে উল্লেখ কৰে। যিসকলে শিকাইছিল, সমৰ্থন কৰিছিল, বিৰোধিতা কৰিছিল বা পৰিবলৈ বাধ্য কৰাইছিল- সকলোৱে তেওঁক কিবা নহয় কিবা নতুন শিকাইছে। প্ৰধানমন্ত্ৰী মোদীৰ ভাষাত, জীৱনৰ কোনো ঘটনাই অপচয় হোৱা নাছিল- প্ৰতিটো অভিজ্ঞতাই তেওঁক নতুনকৈ গঢ়ি তুলিছিল।









