দেখাত একেবাৰে সৰু, হাতত ল’লেও যেন বিশেষ বিপদ নাই! কিন্তু এই সৰু ফটকাটোৱেই হৈ পৰিব পাৰে মৃত্যুৰ কাৰণ। খেলাৰ সামগ্ৰী বুলি ভাবি শিশুৰ হাতত তুলি দিয়া এই বস্তুটোৱে মুহূৰ্তৰ ভিতৰতে কাঢ়ি নিব পাৰে এটি কণমানিৰ জীৱন।
শেহতীয়াকৈ পপ-পপ ফটকা চোবাই খোৱাৰ ফলত ২ বছৰীয়া এটি শিশুৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। কিন্তু কি আছে এই পপ-পপ ফটকাত? কিয় ইমান বিপজ্জনক এই সৰু বস্তুটো?
পপ-পপ ফটকা হৈছে সৰু কাগজৰ টুকুৰাত বিশেষ ৰাসায়নিক মিশ্ৰণ ভৰাই তৈয়াৰ কৰা এবিধ ফটকা। ইয়াক জ্বলাবলৈ মেচ, লাইটাৰ বা জুইৰ প্ৰয়োজন নহয়। মাটিত জোৰেৰে দলিয়াই দিলে বা চাপ পৰিলে ই সৰু শব্দ কৰি ফাটি যায়। সেয়েহে শিশুৰ মাজত ইয়াৰ প্ৰতি আকৰ্ষণ অধিক।
কিন্তু বিপদটো লুকাই আছে ইয়াৰ ভিতৰত থকা ৰাসায়নিক পদাৰ্থত। শিশুৱে কৌতূহলবশতঃ ইয়াক মুখত ভৰালে বা চোবালে বিষক্ৰিয়া, মুখৰ ভিতৰত আঘাত, শ্বাসৰুদ্ধ হোৱা আদি বিপদ ঘটিব পাৰে। বিশেষকৈ সৰু শিশুৰ ক্ষেত্ৰত সামান্য অসাৱধানতাই ভয়াৱহ পৰিণতি মাতি আনিব পাৰে।
গতিকে শিশুৰ হাতৰ পৰা এইধৰণৰ ফটকা আঁতৰাই ৰখাটো অত্যন্ত জৰুৰী। কোনো শিশুৱে ভুলতে ফটকা মুখত ভৰালে বমি কৰাবলৈ চেষ্টা নকৰি তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপক। মনত ৰাখিব, খেলনা বুলি ভবা প্ৰতিটো বস্তু শিশুৰ বাবে নিৰাপদ নহয়। এটি সৰু ভুলেই কাঢ়ি নিব পাৰে এটি কণমানিৰ জীৱন।