এফালে ফ্ৰান্সৰ ৰাজপথত উত্তপ্ত পৰিস্থিতি, আনফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য। অনুপ্ৰৱেশক কেন্দ্ৰ কৰি ফ্ৰান্সত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ট্ৰাম্পে। তেওঁৰ এটা মন্তব্যই এতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা কৰিছে। ট্ৰাম্পৰ দাবী- অনিয়ন্ত্ৰিত অনুপ্ৰৱেশৰ ফলত ফ্ৰান্সৰ জনগাঁথনি সলনি হৈছে আৰু পেৰিছৰ ভৱিষ্যতো সলনি হ’ব পাৰে। পেৰিছ অতিশীঘ্ৰে মুছলমান চহৰ হ’বলৈ গৈ আছে।
হোৱাইট হাউছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে কয় যে, মেক্ৰন তেওঁৰ বন্ধু। কিন্তু ফ্ৰান্সৰ অনুপ্ৰৱেশ নীতিৰ ক্ষেত্ৰত মেক্ৰনে ডাঙৰ ভুল কৰিছে বুলি তেওঁ বহু আগতেই সকীয়াই দিছিল। ট্ৰাম্পৰ মতে, সমগ্ৰ বিশ্বৰ পৰা মানুহক ফ্ৰান্সত প্ৰৱেশ কৰিবলৈ দিয়াৰ ফলত দেশখনৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে।
কিন্তু প্ৰশ্নটো হ’ল—ফ্ৰান্সৰ পৰিস্থিতি সঁচাকৈয়ে কিমান ভয়াৱহ? লগতে ট্ৰাম্পৰ এই মন্তব্যৰ আঁৰত কি আছে ৰাজনৈতিক বাৰ্তা?
প্ৰদান কৰা তথ্য অনুসৰি, ফ্ৰান্সৰ কেইবাখনো চহৰত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। প্ৰায় ৫ লাখ ৫০ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। প্ৰতিবাদৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত ২,৩৯৭জন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি প্ৰকাশিত তথ্যত উল্লেখ আছে। আহত হয় ৯৯৭জন আৰক্ষী বিষয়া আৰু জোৱান, যাৰ ভিতৰত ৭ জন গুৰুতৰভাৱে আহত হোৱা বুলি দাবী কৰা হৈছে।
হিংসাত জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। আনহাতে, অনুপ্ৰৱেশক লৈ ট্ৰাম্পৰ কঠোৰ মন্তব্যই বিতৰ্কক অধিক তীব্ৰ কৰি তুলিছে।
এতিয়া প্ৰশ্ন এটাই—এই সংকটে ফ্ৰান্সৰ ৰাজনীতিৰ দিশ সলনি কৰিব নেকি? নে ট্ৰাম্পৰ মন্তব্যই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নতুন বিতৰ্কৰহে জন্ম দিব?









