ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাখিল কৰা আপত্তিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। এতিয়াৰে পৰা ইচ্ছামতে ফৰ্ম-৭ দাখিল কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে। ভুৱা বা ভিত্তিহীন আপত্তিৰ জৰিয়তে ভোটাৰক হাৰাশাস্তি কৰাৰ অভিযোগৰ মাজতে এই নতুন সীমা নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে। এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ নিৰ্দেশ জাৰি কৰা হৈছে।
নিৰ্বাচন আয়োগৰ মতে, কোনো শক্তিশালী ভিত্তি নোহোৱাকৈ একাংশ ব্যক্তিয়ে বৃহৎ সংখ্যক আপত্তি দাখিল কৰাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ ফলত সংশ্লিষ্ট ভোটাৰসকলৰ বাবে অপ্ৰয়োজনীয় অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে নিৰ্বাচনী বিষয়াসকলৰ কামৰ বোজাও বৃদ্ধি পাইছে।
কি নতুন নিয়ম নিৰ্ধাৰণ কৰিলে আয়োগে?
নতুন নিৰ্দেশ অনুসৰি, দাবী আৰু আপত্তি দাখিলৰ সমগ্ৰ সময়ছোৱাত এজন ব্যক্তিয়ে সৰ্বাধিক ১০খন ফৰ্ম-৭ দাখিল কৰিব পাৰিব। আনহাতে, ভোটাৰ তালিকাৰ নিয়মীয়া উন্নীতকৰণৰ সময়ত প্ৰতিমাহে সৰ্বাধিক পাঁচখন আবেদন দাখিলৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। এই নিয়ম অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব।
নিৰ্বাচন আয়োগে লগতে স্পষ্ট কৰিছে যে নিৰ্বাচনী পঞ্জীয়ন নিয়ম, ১৯৬০ৰ অধীনত ফৰ্ম-৭ৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ আপত্তি দাখিল কৰিব পাৰি। অৱশ্যে, আবেদনকাৰীয়ে সংশ্লিষ্ট অঞ্চলৰ ভোটাৰ হ’ব লাগিব।
আবেদনত আপত্তিকাৰীৰ মূল স্বাক্ষৰ থকাটো বাধ্যতামূলক। অসম্পূৰ্ণ আবেদন নিৰ্বাচনী পঞ্জীয়ন বিষয়াই নাকচ কৰিব পাৰে। আবেদনকাৰীয়ে ইচ্ছাকৃতভাৱে মিছা তথ্য দাখিল কৰা প্ৰমাণিত হ’লে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ৩১ নং ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।
এই নতুন নিয়মৰ লক্ষ্য হৈছে ভিত্তিহীন আপত্তি ৰোধ কৰা আৰু ভোটাৰসকলৰ অধিকাৰ সুৰক্ষিত কৰা।