২৮ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৩ জনীয়া এটা দল গঠন কৰিছে। মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ডিজিচিএৰ মুম্বাই কাৰ্যালয়ৰ তিনিজনীয়া দলৰ সৈতে এএআইবিৰ দলটোৱে সেইদিনা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে। এএআইবিৰ সঞ্চালক প্ৰধানেও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই দুৰ্ঘটনাত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি আন চাৰিজন লোকৰ প্ৰাণ কাঢ়ি নিলে।
বিমান পৰিবহণ খণ্ডত এক বৃহৎ আৰু আগ্ৰাসী পদক্ষেপৰ কথা ঘোষণা কৰি পুনৰবাৰ কানাডাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্ৰাম্পে কানাডাক আমেৰিকাৰ বিমান নিৰ্মাতা কোম্পানী গালফষ্ট্ৰিমৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি দুয়োখন দেশৰ মাজত অধিক বাণিজ্যিক উত্তেজনাৰ আশংকা সৃষ্টি কৰিছে।