No Result
View All Result
ফ্ৰান্সৰ ৰাজপথত প্ৰতিবাদৰ নামত যেন আৰম্ভ হৈছে আন এক যুদ্ধ। কাৰোবাৰ মুখত ক’লা মাস্ক, কাৰোবাৰ হাতত হাতুৰী, আন কাৰোবাৰ হাতত জ্বলন্ত সামগ্ৰী। আনকি স্পাইডাৰমেন আৰু ফ্ৰেংকেনষ্টাইনৰ দৰে চৰিত্ৰৰ সাজ-পোছাক পিন্ধিও ৰাজপথত নামিছে একাংশ প্ৰতিবাদকাৰী। কিন্তু প্ৰশ্নটো হ’ল, এই মুখা পিন্ধা লোকসকল কোন? কিহৰ বাবে তেওঁলোকৰ এনে তাণ্ডৱ?
ফ্ৰান্সত মুদ্ৰাস্ফীতি, জীৱন-যাপনৰ ব্যয় বৃদ্ধি, অৰ্থনৈতিক বৈষম্য আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ ক্ৰমাৎ হিংসাত্মক ৰূপ লৈছে। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। অধিকাংশ প্ৰতিবাদ শান্তিপূৰ্ণ হ’লেও প্ৰতিবাদৰ শেষ মুহূৰ্তত একাংশ মুখা পিন্ধা লোকৰ আক্ৰমণত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।
এই হিংসাত্মক গোটসমূহক ফ্ৰান্সত কোৱা হয় ‘কেচাৰ্ছ’। ফৰাচী ভাষাত যাৰ অৰ্থ বিধ্বংসী। এওঁলোক কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সদস্য নহয়। বৰঞ্চ বিভিন্ন সৰু সৰু গোটত বিভক্ত হৈ প্ৰতিবাদৰ মাজত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰে।
বিশেষকৈ বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সম্পত্তিক লক্ষ্য কৰি লোৱাৰ অভিযোগ আছে এই গোটসমূহৰ বিৰুদ্ধে। পৰিচয় লুকুৱাবলৈ ক’লা কাপোৰ, মাস্ক আৰু চশমা ব্যৱহাৰ কৰে। হাতুৰীৰে পথৰ শিলগুটি উভালি আৰক্ষীৰ ওপৰত নিক্ষেপ কৰাৰ ঘটনাও পোহৰলৈ আহিছে।
আনহাতে, হেল’ৱিনৰ সাজ-পোছাকে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। স্পাইডাৰমেন, ফ্ৰেংকেনষ্টাইনৰ মুখাৰ আঁৰত কোন লুকাই আছে, সেয়া চিনাক্ত কৰাটোও আৰক্ষীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।
অৱশ্যে সকলো প্ৰতিবাদকাৰীক দাঙ্গাকাৰী বুলি ক’ব নোৱাৰি। আন্দোলনত অংশগ্ৰহণ কৰা সাধাৰণ নাগৰিক, শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীৰ দাবী পৃথক। বিশ্লেষকসকলৰ মতে, এই হিংসাত্মক গোটসমূহৰ সৈতে উগ্ৰ বাওঁপন্থী মতাদৰ্শৰ একাংশ কৰ্মীৰ সম্পৰ্ক আছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই গোটসমূহক কোনো নিৰ্দিষ্ট সম্প্ৰদায় বা অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত কৰাৰ নিৰ্ভৰযোগ্য প্ৰমাণ নাই।
No Result
View All Result