ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী, হাতত প্ৰতিবাদৰ প্লেকাৰ্ড, মুখত চৰকাৰবিৰোধী শ্ল’গান। কোনোবাই বিচাৰিছে উন্নত শিক্ষা, কোনোবাই উন্নত স্বাস্থ্যসেৱা, আন কোনোবাই প্ৰশ্ন তুলিছে বাধ্যতামূলক সামৰিক সেৱাক লৈ। এইবাৰ জাৰ্মানীৰ ৰাজপথ কঁপাই তুলিলে GEN-Z ৰ প্ৰতিবাদে। কিন্তু শান্তিৰ দাবীৰে আৰম্ভ হোৱা এই আন্দোলনৰ মাজতে ফ্ৰেংকফৰ্টত সংঘটিত হ’ল হিংসাত্মক ঘটনা।
জাৰ্মানীৰ বাৰ্লিন, ফ্ৰেংকফৰ্ট, মিউনিখসহ ৩৪খন চহৰত একেলগে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ প্ৰজন্মই। ‘জেনেৰেচন জেড ৰেগেল্ট’ নামৰ সংগঠনটোৱে আয়োজন কৰা এই প্ৰতিবাদৰ মূল লক্ষ্য আছিল শিক্ষা, স্বাস্থ্য আৰু অন্যান্য ৰাজহুৱা সেৱাৰ বাবে অধিক পুঁজি আবণ্টনৰ দাবী। লগতে বাধ্যতামূলক সামৰিক সেৱাৰ প্ৰস্তাৱৰো তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে।
কিন্তু ফ্ৰেংকফৰ্টত পৰিস্থিতিয়ে লয় ভয়ংকৰ ৰূপ। এক বাতৰি অনুসৰি, প্ৰতিবাদকাৰীৰ একাংশই কমেও দুখন দোকান লুটপাত কৰাৰ লগতে কেইবাখনো দোকানৰ খিৰিকী ভাঙি পেলায়। আনকি জৰুৰীকালীন সেৱালৈ মল’টভ ককটেল অৰ্থাৎ পেট্ৰল বোমাও নিক্ষেপ কৰা হয়। আৰক্ষীয়ে চহৰৰ মাজমজিয়াৰ পৰা আঁতৰি থাকিবলৈ জনসাধাৰণক আহ্বান জনায়। হামবাৰ্গতো কেইবাটাও বেৰিকেডত অগ্নিসংযোগ কৰা হয়।
আনহাতে, জেনেৰেচন জেড ৰেগেল্টৰ মুখপাত্ৰ লেনা ফ্ৰেড্ৰিচে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ যুঁজ যুদ্ধৰ বাবে নহয়, বৰং শান্তি আৰু স্বাধীনতাৰ বাবে। শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ উন্নতিৰ লগতে দায়িত্বৰ ন্যায্য বিতৰণেই তেওঁলোকৰ মূল দাবী।জাৰ্মানীৰ বিষয়াসকলে অৱশ্যে সকীয়াই দিছে যে উগ্ৰপন্থী সংগঠনসমূহে এই প্ৰতিবাদৰ সুযোগ ল’ব পাৰে।









